ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং গোচৰত গ্ৰেপ্তাৰ আন এজন ছাত্ৰ নেতা

0
878

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ আন এজন অভিযুক্তক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰা হয়। ধৃত ছাত্ৰ নেতাজনৰ নাম সুভ্ৰজিৎ বৰুৱা।

অসমৰ ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰে তেওঁক।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ আনন্দ শৰ্মাৰ ৰেগিং কাণ্ডত তেওঁৰ নাম জড়িত হোৱাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল বৰুৱা।

ইফালে, এই ৰেগিং গোচৰত জড়িত থকাৰ অভিযোগত বিশ্ববিদ্যালয়খনৰ মুঠ ২২ গৰাকী শিক্ষাৰ্থীক বহিষ্কাৰ কৰা হৈছে।

উল্লেখযোগ্য যে বিশ্ববিদ্যালয়খনৰ প্ৰথম ষান্মাসিকৰ এগৰাকী ছাত্ৰই দেওবাৰে ৰেগিঙৰ পৰা হাত সাৰিবলৈ হোষ্টেল ভৱনৰ তৃতীয় মহলাৰ পৰা জপিয়াইছিল।

বৰ্তমান ডিব্ৰুগড়ৰ আদিত্য চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অসমৰ আমগুৰি নিবাসী ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মা।

দেওবাৰে নিশা সংঘটিত হোৱা এই ৰেগিং কাণ্ডৰ সৈতে জড়িত তিনিজন জ্যেষ্ঠ ছাত্ৰক ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে।

এই গোচৰৰ সন্দৰ্ভত আটক কৰা ছাত্ৰ কেইজন হৈছে পদ্মনাথ গোহাঁই বৰুৱা ছাত্ৰ ছাত্ৰাবাসৰ আৱাসী ছাত্ৰ সীমান্ত হাজৰিকা, নিৰঞ্জন ঠাকুৰ আৰু প্ৰাণজিৎ বৰুৱা।