দিল্লীত নতুনকৈ অসমৰ এজন CRPF জোৱান কৰ’ণাত আক্ৰান্ত

বৰ্তমান অসমৰ ৭ জন CRPF জোৱান দিল্লীত চিকিৎসাধীন হৈ আছে

0
27

দিল্লীত আন এজন অসমৰ CRPF জোৱান কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে। বৰ্তমান অসমৰ ১৩জন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে দিল্লীত। COVID-19ত আক্ৰান্ত জোৱানজন ছিপাঝাৰৰ। বৰ্তমান অসমৰ ৭ জন CRPF জোৱান দিল্লীত চিকিৎসাধীন হৈ আছে।

৩১নং বেটেলিয়নৰ জোৱান আটাইকেইজন অসমীয়া। বোকাখাটৰ তিনিজন, চৰাইদেউৰ এজন, গুৱাহাটীৰ এজন আৰু ডিব্ৰুগড়ৰ এজন আক্ৰান্ত।

কৰ’ণাত আক্ৰান্ত জোৱানজনে উপযুক্ত মেডিকেল ব্যৱস্থাৰ বাবে অসম চৰকাৰক আহ্বান জনায়। কেইদিনমান পূৰ্বে অসমৰ এজন CRPF জোৱানে দিল্লীত প্ৰাণ হেৰুৱাইছিল কৰ’ণা ভাইৰাছত আক্ৰান্ত হয়। বৰপেটাৰ মহম্মদ ইকৰাম হুছেইন নামৰ জোৱানজনে মৃত্যুক সাৱটিছিল।

Photo credit: weather.com