
মণিপুৰৰ ননী জিলাৰ ভূমিস্খলনত মৃত্যু হোৱা অসমৰ আন এজন লোকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে।
অসমৰ মৰিগাঁও জিলাৰ ভৰালটুপ গাঁৱৰ নিৱাসী উপেন্দ্ৰ কোঁৱৰ বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত খবৰ অনুসৰি আজি মৃতদেহটো মণিপুৰৰ পৰা তেওঁৰ বাসগৃহত উপস্থিত হ’ব।
অৱশ্যে মৃতদেহ ঘৰ পোৱাৰ পূৰ্বেই পৰিয়ালৰ লোকে অন্ত্যেষ্টিক্ৰিয়া আৰু ৰীতি-নীতি সম্পন্ন কৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ লগে লগে মণিপুৰত সংঘটিত ভয়ংকৰ ভূমিস্খলনত নিহত হোৱা অসমৰ লোকৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পালে।
ৰাজ্য চৰকাৰে প্ৰকাশ কৰা অনুসৰি ভূমিস্খলনৰ কৱলত পৰা অসমৰ ২৬ জন লোকৰ ২১ জনেই আছিল মৰিগাঁৱৰ।
এই পৰ্যন্ত ১৮ জন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে ভূমিস্খলনৰ ধ্বংসাৱশেষৰ পৰা ৫৫ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।