
নৃশংস; ডাইনীৰ সন্দেহত চাৰিগৰাকী সন্তানৰ মাতৃক হত্যা কৰি গছত ওলমাই থলে মৃতদেহ – কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত পুনৰ অন্ধ বিশ্বাসৰ বলি হৈ প্ৰাণ হেৰুৱাব লগা হ’ল এগৰাকী চাৰি সন্তানৰ মাতৃ। এই ঘটনাটো সংঘটিত হৈছে গোসাইগাঁও থানাৰ অন্তৰ্গত গুমা বনাঞ্চল এলেকাৰ সত্যপুৰৰ মোহনপুৰত।
মহিলা গৰাকী মোহনপুৰ গাঁৱৰ ভান টুডুৰ পত্নী অঞ্জলী মূৰ্মু (৪৫) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে যোৱা ৭ মে’ত সন্ধীয়া গাঁওখনৰে নিবাসী চাৰিগৰাকী যুৱক ক্ৰমে সুনিল মাৰ্ডী (১৬), হোপনা হেমব্ৰম (১৬) ৰবিনছন কিস্কু (৩০) আৰু ছাকেল হেমব্ৰমে (৩০) মহিলা গৰাকীক নিজ গৃহৰ পৰা বলপূৰ্বক উঠাই লৈ যায়।
মহিলা গৰাকীৰ স্বামী ঘটনা সন্দৰ্ভত স্থানীয় গাঁওবুঢ়া কান্দন কিস্কুক অৱগত কৰে আৰু গাঁওবুঢ়াই তাৎক্ষনিকভাবে গোসাইগাঁও আৰক্ষীক খবৰ দিয়ে.
খবৰ পাই আৰক্ষীয়ে মহিলা গৰাকীৰ সন্ধানত অভিযান চলাই থকাৰ সময়তে গাঁওবাসীয়ে হত্যাকাৰী তিনি যুৱক সুনিল মাৰ্ডী, হোপনা হেমব্ৰম আৰু ৰবিনছন কিস্কুক আটক কৰি আৰক্ষীক গতাই দিয়ে।
আৰক্ষীৰ জেৰাত ধৃত যুবক কেইগৰাকীয়ে স্বীকাৰ কৰে যে মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰি গাঁওখনৰ পৰা প্ৰায় এক কিলোমিটাৰ নিলগত হাবিৰ মাজত গছত ওলমাই থৈছে।
সেইমতে আজি পুৱা আৰক্ষীয়ে মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি গোসাইগাঁও থানালৈ লৈ আহে৷ হত্যাকাণ্ডৰ মূল নায়ক ছাকেল হেমব্ৰম পলাতক অবস্থাত আছে৷
আৰু পঢ়ক – আজি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক সাক্ষাৎ কৰিব নৱজ্যোত সিং সিদ্ধুৱে