লখিমপুৰৰ চিনাতলীয়া ডকাইতি কাণ্ডঃ আন ৩ অভিযুক্তক গ্ৰেপ্তাৰ

৫ ছেপ্টেম্বৰত লখিমপুৰৰ চিনাতলীয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুন দত্তৰ ঘৰত প্ৰৱেশ কৰি লুটি নিছিল ৯ লাখ টকাসহ সোণৰ আ-অলংকাৰ

0
259

লখিমপুৰৰ চিনাতলীয়া ডকাইতি কাণ্ডত জড়িত আন তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। মেঘালয়ৰ লাটুমবাইত আত্মগোপন কৰি থকা স্থানৰ পৰা গ্ৰেপ্তাৰ কৰে লখিমপুৰ আৰক্ষীয়ে। ধৃত ডকাইতকেইটাৰ পৰা জব্দ ৭৮ হেজাৰ টকা আৰু ৩টা মোবাইল ফোন। ধৃত ডকাইতকেইটাৰ নাম ছাইদুল আলী ওৰফে ছয়েদ, আমজদ আলী আৰু জুবাইৰ আলী। বৰ্তমানলৈ এই ডকাইতি কাণ্ডত জড়িত মুঠ ৭টাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

৫ ছেপ্টেম্বৰত লখিমপুৰৰ চিনাতলীয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী অৰুন দত্তৰ ঘৰত প্ৰৱেশ কৰি লুটি নিছিল ৯ লাখ টকাসহ সোণৰ আ-অলংকাৰ। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল ব্যৱসায়ী অৰুণ দত্ত। ডকাইত হোৱা ২৪ ঘণ্টাৰ ভিতৰতে দুই ডকাইতক আটক কৰিছিল আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰিছিল মিৰাজ আলী আৰু ৰাকেশ পেগুক। আৰক্ষীয়ে চিনাক্ত কৰিছিল ৭টা ডকাইতক।