20 C
Guwahati
Saturday, December 4, 2021
More

    অসুস্থ হৈ পৰিছে সমাজকৰ্মী আন্না হাজাৰে, চিকিৎসালয়ত ভৰ্তি

    অসুস্থ হৈ পৰিছে সমাজকৰ্মী আন্না হাজাৰে, চিকিৎসালয়ত ভৰ্তি

    সমাজকৰ্মী তথা গান্ধীবাদী নেতা আন্না হাজাৰেক বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ পুনেৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা বুলি জানিব পৰা গৈছে।

    বুকুৰ বিষত ভোগা বাবেই তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হয়। এই তথ্য চিকিৎসালয় কৰ্তৃপক্ষই দিছে।

    ৰুবি হল ক্লিনিকৰ চিকিৎসা অধীক্ষক ডাঃ অৱধুত বোদামৱাড়ে কয় যে বুকুৰ বিষত ভুগি থকা বাবে আন্না হাজাৰেক এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তেওঁক পৰ্যৱেক্ষণত ৰখা হৈছে আৰু বৰ্তমান স্থিৰ অৱস্থাত আছে।

    হাস্পতালখনে এক বিবৃতিত কয় যে যোৱা দুই-তিনি দিন ধৰি বুকুৰ বিষত ভুগি থকা বাবেই ৮৪ বছৰীয়া সমাজকৰ্মীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। বৰ্তমান সুস্থিৰ অৱস্থাত থকা হাজাৰেক অহা দুই-তিনিদিনৰ ভিতৰত হাস্পতালৰ পৰা মুক্তি দিয়া হ’ব।

    ২০১১ চনৰ দুৰ্নীতি বিৰোধী আন্দোলনৰ গুৰিধৰোতা আন্না হাজাৰে মহাৰাষ্ট্ৰৰ পুনেৰ পৰা প্ৰায় ৮৭ কিলোমিটাৰ দূৰত আহমেদনগৰ জিলাৰ ৰালেগান সিদ্ধি গাঁৱত বাস কৰে।

    উল্লেখ্য যে আন্নাই দীৰ্ঘদিনৰে পৰা চৰকাৰৰ জনবিৰোধী নীতি সমূহৰ বিৰুদ্ধে মাত মাতি আহিছে।

    আৰু পঢ়ক : কোনো চিনেমাৰ কাহিনী নহয়, ৩০ বছৰৰ মূৰকত হ্ৰদৰ মাজৰ পৰা ওলাই আহিল এখন গাঁও

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং