17 C
Guwahati
Wednesday, January 26, 2022
More

    ভাৰতৰ লং জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জলৈ ৱৰ্ল্ড এথলেটিকছৰ ‘বৰ্ষটোৰ শ্ৰেষ্ঠ মহিলা’ সন্মান

    ভাৰতৰ লং জাম্প খেলুৱৈ অঞ্জু ববী জৰ্জলৈ ৱৰ্ল্ড এথলেটিকছৰ ‘বৰ্ষটোৰ শ্ৰেষ্ঠ মহিলা’ সন্মান। ‘ৱৰ্ল্ড এথলেটিকছ’- এ ‘ৱ’মেন অৱ ইয়েৰ এৱাৰ্ড’ আগবঢ়াইছে ভাৰতীয় মহান খেলুৱৈগৰাকীলৈ।

    ভাৰতবৰ্ষৰ এইগৰাকী মহান খেলুৱৈক তেখেতৰ বিশেষ কামৰ বাবে প্ৰদান কৰা হৈছে। লিংগ বৈষম্য আঁতৰ কৰিবৰ বাবে মহিলা সকলক অনুপ্ৰাণিত কৰি আগবাঢ়ি যোৱাৰ বাবে প্ৰেৰণা যোগান ধৰাৰ লগতে ট্ৰেইনিং চেণ্টাৰ খোলা আৰু নতুন প্ৰতিভাক যৎপৰোনাস্তি সহায় কৰাৰ বাবে এই সন্মান প্ৰদান।

    ৱৰ্ল্ড এথলেটিকছে টুইটাৰত এই বিষয়ে শ্বেয়াৰ কৰি লিখিছে, ৱৰ্ল্ড এথলেটিকছ বঁটাত এই বছৰৰ ৱ’মেন অফ দা ইয়েৰৰ মুকুট পৰিহিত অঞ্জু ববী জৰ্জক অভিনন্দন জনাইছো। ভাৰতৰ প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় লং জাম্প তাৰকা গৰাকী বৰ্তমানেও খেলৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছে।

    লিংগ বৈষম্য দূৰ কৰাৰ উদ্দেশ্য আৰু যুৱতী সকলক আগবাঢ়ি অনাৰ বাবে সহায় হোৱাকৈ ২০১৬ চনত অঞ্জুৱে যুৱতীসকলৰ বাবে এটা প্ৰশিক্ষণ একাডেমী মুকলি কৰিছিল, যি ইতিমধ্যে বিশ্ব অনুৰ্ধ্ব-২০ পদক বিজয়ী প্ৰস্তুত কৰাত সহায় কৰিছে।

    আৰু পঢ়ক : ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, একেটা পৰিয়ালৰে ৫ জনৰ কৰুণ মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং