নৃশংস হত্যাকাণ্ড ! প্ৰথমতে পিতৃক হত্যা , পিছত মৃতদেহ ১০ টুকুৰা কৰি ভৰাই থ’লে ফ্ৰীজত

0
10076

নৃশংস হত্যাকাণ্ড ! প্ৰথমতে পিতৃক হত্যা , পিছত মৃতদেহ ১০ টুকুৰা কৰি ভৰাই থ’লে ফ্ৰীজত

শ্ৰদ্ধা হতাকাণ্ডৰ ৰহস্য শেষ নহওতেই ৰাজধানী দিল্লীত আন এক হত্যাকাণ্ড সংঘটিত হৈছে। পিতৃক হত্যা কৰি মৃতদেহ ফ্ৰিজত ভৰাই থ’লে পত্নী আৰু পুত্ৰই। তথ্য অনুসৰি ৫ জুনৰ দিনা কল্যাণপুৰীৰ ওচৰত চান্দ চিনেমা হলৰ সন্মুখত থকা জোপোহাৰ মাজত প্লাষ্টিকৰ এটা মোনাত সন্দেহজনক কিবা এটা পৰি আছিল।

যাৰ ফলত যথেষ্ট দুৰ্গন্ধ উলাইছিল। লগে লগে স্থানিয় লোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। যেতিয়া আৰক্ষীৰ লোক সকলে প্লাষ্টিকৰ মোনাটো খুলিছিল সকলো আচৰিত হৈছিল। কিয়নো তাত মানুহৰ শৰীৰৰ টুকুৰা কিছুমান আছিলে।

ঘটনাটোক লৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি থাকোতেই জানিব পাৰে যে পূব দিল্লীৰ ত্ৰিলোকপুৰী অঞ্চলত পুনৰ এটা মৃতদেহৰ কেইবাটাও টুকুৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে তদন্ত কৰিছিল যদিও কোনো তথ্য উলিয়াব পৰা নাছিলে।

এই গোচৰটোৰ তদন্ত আৰম্ভ হোৱাৰ ৬ মাহ হ’ল। এতিয়াহে আৰক্ষীয়ে দিল্লীৰ পাণ্ডৱ নগৰ হত্যাকাণ্ডৰ তথ্য লাভ কৰিছে। আৰক্ষীৰ মতে মৃত ব্যক্তি গৰাকীৰ নাম অঞ্জন দাস। যাক তেওঁৰ পত্নী আৰু পুত্ৰই মিলি হত্যা কৰে। আৰক্ষীয়ে মৃত ব্যক্তি গৰাকীৰ পত্নী আৰু পুত্ৰক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ জেৰাত তেওঁলোকে কয় যে পুনম মৃত অঞ্জন দাসৰ দ্বিতীয় পত্নী আছিলে। তেওঁৰ অঞ্জন দাসৰ বেলেগ যুৱতীৰ সৈতে সম্পৰ্ক আছে বুলি সন্দেহ কৰিছিল। সেই কথাটোকে লৈ পুনম আৰু তেওঁৰ পুত্ৰ দীপকে অঞ্জন দাসৰ হত্যাকৰাৰ পৰিকল্পনা কৰে।

সেয়েহে ৩০ মে’ৰ দিনা অঞ্জন দাসৰ খাদ্যত নিচাযুক্ত ঔষধ মিলাই দিছিল। তাৰ পিছত তেওঁলোকে চোকা অস্ত্ৰৰে মৃতদেহটো ১০ টা টুকুৰা কৰিছিল। আৰু এটা প্লাষ্টিকেৰে মেৰিয়াই ঘৰৰ ফ্ৰীজত ভৰাই থৈছিল।

আৰু নিশা হলেই পূব দিল্লী আৰু বহু স্থানত মৃতদেহৰ টুকুৰাবোৰ পেলাই দিছিলে। আৰক্ষীয়ে এটা চিচিটিভি ফুটেজৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে। য’ত তেওঁলোকে মৃতদেহৰ টুকুৰাবোৰ জংঘলত পেলাবলৈ নিছিলে।