প্ৰাক্তন এনডিএফবি ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদান

0
140

প্ৰাক্তন এনডিএফবিৰ নেতা ৰঞ্জন দৈমাৰীৰ ভগ্নী অঞ্জলী দৈমাৰীৰ বিপিএফত যোগদান। আজি ২৪ আগষ্ট তাৰিখে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰিলে অঞ্জলী দৈমাৰীয়ে।

অঞ্জলী দৈমাৰী বড়ো মহিলা সংগঠনৰ নেত্ৰী। আনহাতে বড়ো ওমেন জাষ্টিছ ফ’ৰামৰো নেত্ৰী আছিল অঞ্জলী দৈমাৰী।

২৪ আগষ্ট সোমবাৰে ওদালগুৰিত অনুষ্ঠিত হোৱা বিপিএফৰ এক সভাত আনুষ্ঠানিকভাৱে যোগদান কৰে তেখেতে। ওদালগুৰিৰ জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত হয় এই যোগদান সভা।

এই যোগদান সভাত বিপিএফ দলৰ কেবাগৰাকীও নেতা-কৰ্মী উপস্থিত আছিল।

Photo Credit: @prakashadhikari