মংগল গ্ৰহত ঘৰৰ বনোৱাৰ পৰিকল্পনাৰে আৰ্হি সাজি দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন ৰাজ্যৰ আনিছা তবাচুনৰ

0
2685

মংগল গ্ৰহত ঘৰৰ বনোৱাৰ পৰিকল্পনাৰে আৰ্হি সাজি দেশৰ ভিতৰতে শ্ৰেষ্ঠত্ব অৰ্জন ৰাজ্যৰ আনিছা তবাচুনৰ। ডবকাৰ এগৰাকী আৰ্কিটেক্সাৰৰ ছাত্ৰীয়ে মংগল গ্ৰহত ঘৰ সজাৰ পৰিকল্পনাৰে যি আৰ্হি সজালে তাকে লৈ অকল ছাত্ৰী গৰাকীয়েই নহয় সমগ্ৰ ৰাজ্যলৈ কঢ়িয়াই আনিলে এক সুনাম ৷

জামিয়া মিলিয়া কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ বি, আৰ্কিটেকৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰীগৰাকীৰ নাম আনিছা তবাচুন। ডবকাৰ হাজী আনফৰ আলী কলেজৰ ইংৰাজী বিভাগৰ প্ৰৱক্তা নজৰুল ইছলাম বড়ভূঞাৰ একমাত্ৰ কন্যা ৷

জুন মাহত চাৰ্ক অন্তৰ্গত দেশ সমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত হোৱা দুটাকৈ প্ৰতিয়োগীতাত প্ৰথম স্থান দখল কৰি অকল ডবকাৰে নহয় সমগ্ৰ ৰাজ্যলৈ কঢ়িয়াই আনিছে এক সুনাম ৷

যোৱা ১ জুন তাৰিখে নেচেনেল স্পেচ ফৰ আৰ্কিটে এছছিয়েচন চমুকৈ নাছা নামৰ সংস্থাটোৱে প্ৰতিবছৰে চাৰ্কৰ অন্তৰ্গত দেশসমূহৰ ছা্ত্ৰ- ছাত্ৰীৰ মাজত এক প্ৰতিযোগীতা অনুষ্ঠিত কৰিছিল ৷

বিগত দুটা বছৰ কভিড সৃষ্ট পৰিবেশৰ এই প্ৰতিযোগীখন অনুষ্ঠিত হোৱা নাছিল ৷ এইবাৰ অনুষ্ঠিত হোৱা প্ৰতিযোগীতাত ছাত্ৰী গৰাকীৰ নেতৃত্ব যোৱা দলটোক সংস্থাটোৱে নিৰ্দ্ধাৰন কৰি দিয়া কম খৰচত কমিনিটি হাউচিং চছাইটি নামৰ থিমটোৰ ওপৰত ডিজাইনিং কৰি প্ৰথম স্থান লাভ কৰে।

চলিত বৰ্ষৰে ৪ জুনৰ পুনৰ বেগালুৰুত আন এক ইভেন্টৰ বাবে আন এটি প্ৰতিযোগীতা অনুষ্ঠিত হয় ৷ তাত ছাত্ৰীগৰাকীয়ে নেতৃত্ব দিয়া দলটোক মংগল গ্ৰহত বসবাস কৰিব পৰাকৈ এটি ঘৰৰ ডিজাইন কৰিবলৈ কোৱা হৈছিল ৷

সেই ডিজাইনটোৰ বাবেও দলটোৱে প্ৰথম স্থান দখল কৰে ৷ ছাত্ৰী গৰাকীৰ এই সাফ্যল্যক লৈ উৎফল্লিত পৰিয়ালৰ লগতে ডবকাবাসী ৷

Input and Photo – Sohidul Islam