অনিমেষৰ হত্যাকাণ্ডৰ এবছৰ; আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে, আজিও চকুলো টুকিছে অনিমেষৰ মাতৃয়ে

0
81

আজি অনিমেষ হত্যাকাণ্ডৰ এবছৰ হ’ল; আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে, আজিও চকুলো টুকিছে অনিমেষৰ মাতৃয়ে

সমগ্ৰ অসমবাসীৰ কাৰণে ২৯ নৱেম্বৰ ২০২১ এটা অভিশপ্ত দিন। কিয়নো এই দিনটোতে যোৰহাটত মানৱৰূপী দানৱৰ হাতত মৃত্যুক সাবটি লৈছিল দেৰগাঁও খকণ্ডগুৰিৰ আছু নেতা অনিমেষ ভূঞাই আৰু আজি ২৯ নৱেম্বৰ ২০২২ তাৰিখে অনিমেষৰ মৃত্যুৰ এটা বছৰ সম্পূৰ্ণ হ’ল।

কিন্তু এই এটা বছৰে অনিমেষ হত্যাৰ দোষীসকলে উচিত শাস্তি পালেনে? অনিমেষৰ স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত ৰজাঘৰে দিয়া প্ৰতিশ্ৰুতিবোৰ বাৰু বাস্তৱায়িত হলনে?

২০২১ বৰ্ষৰ আজিৰ দিনটোত যোৰহাট নগৰৰ মাজমজিয়াত একাংশ দানৱৰ নৃশংসতাত অনিমেষ ভূঞাই কৰুণ মৃত্যুক সাবটি লোৱাৰ পিছত অনিমেষৰ ঘৰলৈ আহিছিল একাংশ মন্ত্ৰী–বিধায়ক, শিল্লী-সাহিত্যিক তথা দল–সংগঠনৰ বিষয়ববীয়া।

সকলোৱে পৰিয়ালটোক বহুত আশ্বাস প্ৰতিশ্ৰুতি দি গ’ল, কিন্তু দুখৰ বিষয় আজি এটা বছৰে বিশেষ একো নহ’ল। প্ৰতিশ্ৰুতিসমূহ কেৱল সীমাবদ্ধ হৈ থাকিলে প্ৰতিশ্ৰুতিতেই, ই আজিলৈ কাৰ্য্যকৰী নহল।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অনিমেষৰ ঘৰত দিয়া ৫ লাখ টকাৰ চেকখনৰ বাহিৰে ক’বলৈ গ’লে একোৱেই নহ’ল।

উল্লেখ্য যে আজিও অনিমেষৰ মাতৃৰ বুকুত জলা জুইকুৰা জ্বলিয়েই আছে। পুত্ৰ শোকত আজিও চকুলো টুকি আছে মাতৃয়ে। অনিমেষৰ মাতৃয়ে কয় যে, ‘তেতিয়া কোৱা ধৰণে একোৱেই নহল’। আনকি অনিমেষৰ ভাতৃক সংস্থাপন দিয়া প্ৰতিশ্ৰুতিসমূহ কেৱল সীমাবদ্ধ হৈ থাকিলে প্ৰতিশ্ৰুতিতেই। অনিমেষৰ ভাতৃৰ অনুসৰি, আজিৰ দিনত এখন চেকেৰে মৃত্যু কিনি লোৱা নিচিনা অৱস্থা হৈছে।