22 C
Guwahati
Wednesday, January 19, 2022
More

    যোৰহাট প্ৰশাসনৰ লোক নাহিলে হত্যাকাণ্ড স্থলীতে অনিমেশ ভূঞাৰ মৃতদেহ সৎকাৰৰ হুংকাৰ ৰাইজৰ

    যোৰহাট প্ৰশাসনৰ লোক নাহিলে হত্যাকাণ্ড স্থলীতে অনিমেশ ভূঞাৰ মৃতদেহ সৎকাৰৰ হুংকাৰ ৰাইজৰ

    আজি যোৰহাট চহৰৰ মাজমজিয়াত গণপ্ৰহাৰত মৃত্যু হোৱা অনিমেশ ভূঞাৰ মৃতদেহ এতিয়াও সৎকাৰ কৰা হোৱা নায়।

    আছু কৰ্মী অনিমেশ ভূঞাৰ ঘৰত গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱা উপস্থিত হৈছে যদিও স্থানীয় ৰাইজে আৰক্ষীৰ সৈতে বাক-বিতণ্ডাত লিপ্ত হৈছে বুলি জানিব পৰা গৈছে।

    স্থানীয় ৰাইজ সকলে যোৰহাট আৰক্ষী অধীক্ষকক বিচাৰি মাধ্যুৰ্য বৰুৱাৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

    প্ৰতিবাদী ৰাইজে অনিমেশ ভূঞাৰ ঘৰলৈ যোৰহাট জিলা প্ৰশাসনৰ লোক আৰু যোৰহাট আৰক্ষী অধীক্ষক নাহিলে হত্যাকাণ্ড সংঘটিত হোৱা স্থানতে অনিমেশৰ মৃতদেহ সৎকাৰ কৰাৰ হুংকাৰ দিছে।

    ইপিনে, একাংশ লোকে যোৰহাট চহৰৰ হত্যাকাণ্ড সংঘটিত হোৱা স্থানত অনিমেশৰ স্মৃতি সৌধ নিৰ্মাণৰো দাবী জনায়।

    আৰু পঢ়ক : এইবাৰ গুৱাহাটী মহানগৰীৰ এই স্থানত উৎখাত দেহ ব্যাৱসায় চক্ৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং