29 C
Guwahati
Wednesday, October 13, 2021
More

    চিৰ যৌৱন হৈ থাকিবলৈ সাপৰ তেজ খাই অনিল কাপুৰে? সামাজিক মাধ্যমত তোলপাৰ

    চিৰ যৌৱন হৈ থাকিবলৈ সাপৰ তেজ খাই অনিল কাপুৰে? সামাজিক মাধ্যমত তোলপাৰ

    ৬৪ বছৰীয়া অনিল কাপুৰ, কিন্তু আজিয়ো দেখাত ৩০ বছৰীয়া চফল ডেকা। শৰীৰত, চেহেৰাত অকনো নাই বয়সৰ চাপ। বৰ্তমান সময়ৰ হিৰো বোৰো যেন কোনোবাখিনিত পিছ পৰি যায়।

    নিজৰ ফিটনেচ আৰু ঝকাছ ষ্টাইলেৰে আজিয়ো ২০ বছৰীয়া অভিনেত্ৰীৰ সৈতে কাম কৰিব পৰা ক্ষমতা আছে। এয়া কোৱা মুঠেও ভুল নহব যে, সময় বৃদ্ধিৰ লগে লগে অনিল কাপুৰৰ বয়স হ্ৰাস হৈ আছে।

    সেয়ে সকলোৱে জানিবলৈ উৎসুক হৈ থাকে, অনিল কাপুৰৰ এই বয়সৰ ৰহস্য কি। কিছুমান এনে লোকো আছে, যিয়ে অভিনেতা গৰাকীয়ে কোৱা সকলো কথাই সঁচা বুলি মানি লয়।

    সদ্যহতে আৰবাজ খানৰ এক অনুষ্ঠানত অনিল কাপুৰ উপস্থিত আছিল। সেই অনুষ্ঠানতে অনিল কাপুৰৰ ওপৰত অনুৰাগীয়ে কেনে মন্তব্য কৰে তাৰ ওপৰত আলোচনা হয়।

    তাতেই কেইবাগৰাকী অনুৰাগীয়ে কৰা মন্তব্য দেখুওৱা হয়, এগৰাকীয়ে কৈছে অনিল কাপুৰে হেনো সকলো সময়তে নিজৰ সৈতে প্লাষ্টিক চাৰ্জন ৰাখে।

    এগৰাকীয়ে আকৌ দিছে অদ্ভুত মন্তব্য, চিৰযৌবনা হৈ থাকিবলৈ অভিনেতাগৰাকীয়ে বিশেষ সাপৰ তেজ পান কৰে। যি মন্তব্যত একেবাৰে হতভম্ব হৈ পৰে অনিল কাপুৰ।

    আন এগৰাকীয়ে আকৌ কৈছে, এই ৰহস্যৰ পিছত হেনো আছে ব্ৰহ্মাৰ বৰদান।

    এই সকলোবোৰ মন্তব্যৰ উত্তৰত অনিল কাপুৰে পোনপটীয়াকৈ উত্তৰ দিয়ে যে, টকা থাকিলে মানুহে সকলো কৰিব পাৰে। ওপৰত বহি থকা জনৰ কৃপাত আজি তেখেতৰ ওচৰত, ধন-সম্পত্তি-সন্মান সকলো আছে, সেয়ে সহজ যৌৱন ধৰি ৰখাত।

    আৰু পঢ়ক : ভয়ংকৰ দুৰ্ঘটনা; মাৰুতিৰ খুন্দাত প্ৰাণ হেৰুৱালে ৫৫ বছৰীয়া হলধৰ দাসে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং