দীপাৱলী বিশেষ বিজ্ঞাপন কৰি বিজেপি নেতাৰ ৰোষত আমিৰ খান, হিন্দু সকলৰ বিৰোধত থিয় দিয়া বুলি অভিযোগ

0
772
দীপাৱলী বিশেষ বিজ্ঞাপন কৰি বিজেপি নেতাৰ ৰোষত আমিৰ খান, হিন্দু সকলৰ

দীপাৱলী বিশেষ বিজ্ঞাপন কৰি বিজেপি নেতাৰ ৰোষত আমিৰ খান, হিন্দু সকলৰ বিৰোধত থিয় দিয়া বুলি অভিযোগ

দীপাৱলী বিশেষ এক বিজ্ঞাপনত অংশগ্ৰহণ বলীউড অভিনেতা আমিৰ খানৰ। বিজ্ঞাপনটোত দেশৰ জনতালৈ ৰাজপথত ফটকা নজ্বলোৱাৰ বাবে আমিৰ আহ্বান।

যি বিজ্ঞাপন দেখাৰ পিছতে আনিৰ খানক হিন্দু বিৰোধী বুলি মন্তব্য এগৰাকী বিজেপি নেতাৰ। বিজেপি নেতাগৰাকীয়ে কয়, আমিৰে হিন্দু সকলৰ বিৰোধত। সেয়ে দীপাৱলীৰ দৰে এক পবিত্ৰ উৎসৱ উদযাপন নকৰিবলৈ আহ্বান জনাইছে।

বিজেপি সাংসদ আনন্দ কুমাৰ হেগড়ে কয় যে, নামাজ পঢ়াৰ নামত পথ অৱৰোধ আৰু আজানৰ সময়ত মছজিদৰ পৰা অহা আজানৰ লাউড স্পীকাৰৰ সমস্যা সমাধানৰ ক্ষেত্ৰতো মাত মাতিব লাগে।

সেয়ে নেতাগৰাকীয়ে বিজ্ঞাপন নিৰ্মাতা কোম্পানীকো এক পত্ৰযোগে কয় যে, ৰাজপথত ফটকা নজ্বলোৱাৰ আহ্বান খুবেই ভাল, কিন্তু কেৱল হিন্দুৰ উৎসৱত কিয় এই আহ্বান। সমাজৰ অন্য কাম কাজতো মাত মাতিব লাগে। শুকুৰবাৰ অথবা কোনো উৎসৱ পাৰ্বন বুলি মুছলমানে ৰাজপথত কৰা জমা হোৱা লাউড স্পীকাৰৰ ব্যৱহাৰ আদিৰ ক্ষেত্ৰতো মাত মাতিব লাগে।

সাংসদ হেগড়েই লগতে ইয়াকো কয় যে, আজিকালি ‘হিন্দু বিৰোধী অভিনেতা’ৰ এটা দলে সদায় হিন্দুৰ ভাৱনাক আঘাত কৰে। তেওঁলোকে কেতিয়াও তেওঁলোকৰ সম্প্ৰদায়ৰ অন্যায়বোৰ উন্মোচন কৰিবলৈ চেষ্টা নকৰে। সেয়েহে, মই আপোনাক এই বিশেষ ঘটনাটো মন কৰিবলৈ অনুৰোধ জনাইছো, য’ত আপোনাৰ কোম্পানীৰ বিজ্ঞাপনে হিন্দুসকলৰ মাজত অসন্তুষ্টিৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, চি আই এ টি টায়াৰৰ এটা বিজ্ঞাপনক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্ক। বলিউড আভিনেতা আমিৰ খানে চি আই এ টি টায়াৰৰ এটা বিজ্ঞাপনত অংশলৈ দিপাৱলীৰ সময়ছোৱাত পথত ফটকা নিক্ষেপ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল।

বিজ্ঞাপনত আগবঢ়োৱা এই পৰমাৰ্শই এতিয়া সূত্ৰপাত কৰিছে বিতৰ্কৰ। আমিৰৰ এই পৰামৰ্শক উভতি ধৰিছে বিজেপিৰ সাংসদে।

আৰু পঢ়ক : পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু জুৰিত অৱস্থিত গণেশ মূৰ্তিৰ ওপৰত ভৰি থৈ ফটো উঠিলে আৰ্বাছ খানে, চাঞ্চল্য