বঙাইগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অচিনাক্ত বাহনৰ খুন্দাত স্কুটী আৰোহীৰ মৃত্যু

0
82
প্ৰতিনিধিত্বমূলক চিত্ৰ

বঙাইগাঁও জিলাৰ চৌৰাগুৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।

জানিব পৰা মতে, এখন অচিনাক্ত বাহনৰ খুন্দাত এগৰাকী স্কুটী আৰোহীৰ থিতাতে নিহত হয়।

দুৰ্ঘটনাত পতিত হোৱা স্কুটী খনৰ পঞ্জীয়ন নম্বৰ হৈছে AS 26 B 2443।

নিহত স্কুটী আৰোহী জনক এই পৰ্যন্ত চিনাক্ত কৰিব পৰা নাই।

উল্লেখ্য যে মুখ্যমুন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে পথ সুৰক্ষাৰ নামত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি থকাৰ পিছতো সঘনাই বৃদ্ধি পাই থকা দুৰ্ঘটনাই সাধাৰ জনতাক চিন্তিত কৰি তুলিছে।