বন্ধুৰ পত্নীৰ ওপৰত বেয়া দৃষ্টি; ধৰ্ষণত ব্যৰ্থ হোৱাৰ পিছতে জীৱন্তে জ্বলাই দিলে মাতৃ-কন্যাক

0
734

বন্ধুৰ পত্নীৰ উপৰত বেয়া দৃষ্টি; ধৰ্ষণত ব্যৰ্থ হোৱাৰ পিছতে জীৱন্তে জ্বলাই দিলে মাতৃ-কন্যাক

বিহাৰৰ আৰৱাল জিলাৰ পৰশী থানা এলেকাৰ চকীয়া গাঁৱত এক হৃদয় বিদাৰক ঘটনা পোহৰলৈ আহিছে। নিশা গাঁৱৰ এজন যুৱকে ধৰ্ষণৰ উদ্দেশ্যেৰে এটা ঘৰত প্ৰৱেশ কৰি তেওঁৰ পৰিকল্পনাত ব্যৰ্থ হৈ পেট্ৰ’লেৰে ঘৰটোত জুই লগাই দিয়ে। ঘৰত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় মাতৃ আৰু কন্যা।

জুই দেখি সেই স্থানত উপস্থিত হোৱা গাঁওবাসীয়ে কেনেবাকৈ তাৰ পৰা মাতৃ আৰু কন্যাক উলিয়াই আনি স্থানিয় হস্পিতাললৈ যায়। তাৰ পৰা দুয়োকে পিএমচিএইচলৈ প্ৰেৰণ কৰা হয়। পিএমচিএইচত চিকিৎসাৰ সময়ত মাতৃগৰাকীৰ মৃত্যু হয়। আনহাতে কন্যা পাটনাত চিকিৎসাধীন হৈ আছে।

জানিব পৰা অনুসৰি, পৰসী থানা এলেকাৰ চকীয়া গাঁৱৰ আৰতি দেৱীৰ স্বামী সুৰাৰ গোচৰত জেলত আছে। স্বামীক জেললৈ প্ৰেৰণ কৰাৰ পিছতে অভিযুক্ত নন্দ মহটোৰ বন্ধুৰ পত্নীৰ ওপৰত বেয়া চকু ৰাখিছিল। অনবৰতে তেওঁক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল।

উল্লেখ্য যে, ধৰ্ষণত ব্যৰ্থ হোৱাৰ পিছত অভিযুক্তই ঘৰটোত জুই লগাই দিয়ে। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছত আৰক্ষীয়ে নিশা সেই স্থানত উপস্থিত হৈ জুই নিৰ্বাপন কৰি মাতৃ-কন্যাক চিকিৎসাৰ বাবে আৰৱাল হাস্পতাললৈ প্ৰেৰণ কৰে আৰু চিকিৎসকে পৰিস্থিতি সংকটজনক বুলি দেখি পিএমচিএইচলৈ প্ৰেৰণ কৰে। চিকিৎসাৰ সময়ত মাতৃগৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে কন্যাৰ অৱস্থা অতি সংকটজনক হৈ আছে।