কাশ্মীৰত কৰ্মৰত অৱস্থাতে অকাল মৃত্যু টিংখাঙৰ সেনা জোৱানৰ

ঘৰত চুটী কটাই ২৪ জানুৱাৰীত কাশ্মীৰলৈ ৰাওনা হোৱা মুক্তি চেতিয়াই ২৫ জানুৱাৰীত পুনৰ কৰ্তব্যত যোগদান কৰিছিল

0
79

টিংখাঙৰ লেঙেৰীৰ ঠেঙালৰ এজন সেনা জোৱানে কাশ্মীৰত কৰ্মৰত অৱস্থাতে অকাল মৃত্যুক সাৱটিলে৷ ভাৰতীয় সেনাবাহিনীৰ দ্বিতীয় অসম ৰেজিমেন্টৰ হাবিলদাৰ মুক্তি চেতিয়াই যোৱা ২৭ জানুৱাৰীত পুৱা কৰ্তব্যৰত অৱস্থাতে হঠাৎ ঢলি পৰে ৷ সেনাবাহিনীৰ সূত্ৰই পৰিয়ালক অৱগত কৰা অনুসৰি হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ সেনা জোৱানজনৰ অকাল মৃত্যু হয়।

চেতিয়া বিগত ২০ বছৰে সেনাবাহিনীত কৰ্মৰত হৈ আছিল আৰু দুটা বছৰৰ পিছতে অৱসৰ গ্ৰহন কৰাৰ কথা আছিল ৷ ঘৰত চুটী কটাই যোৱা ২৪ জানুৱাৰীত কাশ্মীৰলৈ ৰাওনা হোৱা মুক্তি চেতিয়াই ২৫ জানুৱাৰীত পুনৰ কৰ্তব্যত যোগদান কৰিছিলহে৷

মৃত্যুৰ সময়ত পত্নীসহ আঠ আৰু পাঁচ বছৰীয়া দুটি পুত্ৰ সন্তান এৰি থৈ গৈছে মুক্তি চেতিয়াই ৷ আজি সেনা জোৱানজনৰ মৃতদেহ তিলৈনগৰৰ বাসগৃহ পোৱাৰ পাছতে সৃষ্টি হয় শোকাকুল পৰিৱেশৰ ৷ আত্মীয় স্বজন আৰু স্থানীয় লোকে জোৱানজনলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷ আজি টিংখাঙৰ লেঙেৰীৰ ঠেঙালৰ পৈতৃক গৃহত জোৱানজনৰ শেষকৃত্য সামৰিক মৰ্যদাৰে সম্পন্ন কৰা হ’ব ৷

Photo Credit:@dipokmahmora