শৈক্ষিক জীৱনৰ প্ৰতি লক্ষ্য ৰাখিবলৈ ছাত্র সমাজলৈ বিনম্ৰ আহ্বান বিশ্ববিদ্যালয়সমূহৰ উপাচার্যৰ

আজিৰ বিশ্বায়নমুখী পৃথিৱীখনৰ লগত খোজত খোজ মিলাই অসমৰ ছাত্র-ছাত্রী আগবাঢ়ি যাওঁক। কিয়নো তেওঁলোক আমাৰ ভৱিষ্যতৰ সম্পদ

0
45

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত ছাত্ৰ সমাজৰ শৈক্ষিক জীৱন যাতে বিনষ্ট নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়কে ধৰি মুঠ ২০ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই ছাত্র সমাজলৈ নিবেদিলে আন্তৰিক আবেদন।

এক গোহাৰি যোগেদি উপাচাৰ্যসকলে জনালে এনেদৰে আবেদন- ”অসমৰ সকলো স্তৰৰ ছাত্ৰ-ছাত্ৰীক আন্তৰিকতাৰে জনাওঁ যে সাম্প্রতিক সামাজিক-শৈক্ষিক পৰিৱেশৰ পৰিপ্ৰেক্ষিতত ছাত্র সমাজৰ ভৱিষ্যত জীৱন প্ৰভাৱিত হ’ব পাৰে বুলি আশংকা কৰি আমি অসমৰ বিশ্ববিদ্যালয়ৰ উপাচার্যসকলে আহ্বান জনাওঁ যাতে ছাত্র-ছাত্রীসকলে নিজৰ ভৱিষ্যতৰ কথা ভাবি সকলো প্ৰকাৰৰ সংযম অৱলম্বন কৰে। তেওঁলোকৰ এটা দিনৰো শিক্ষা ব্যাহত নোহোৱাকৈ শৈক্ষিক পৰিৱেশ সুস্থ কৰি ৰখাত যেন প্রত্যেকেই অৰিহণা যোগায়।

শৈক্ষিক বর্ষ বিনষ্ট নোহোৱাকৈ নিৰ্ধাৰিত কাৰ্যসূচীমতে পৰীক্ষা সমূহ অনুষ্ঠিত হোৱাত তেওঁলোকে যেন সকলো প্ৰকাৰৰ সহায়-সহযোগিতা আগবঢ়ায়। আজিৰ বিশ্বায়নমুখী পৃথিৱীখনৰ লগত খোজত খোজ মিলাই অসমৰ ছাত্র-ছাত্রী আগবাঢ়ি যাওঁক। কিয়নো তেওঁলোক আমাৰ ভৱিষ্যতৰ সম্পদ। তেওঁলোকৰ এই সম্ভাৱনাময় যাত্ৰাত অভিভাৱকৰ দৰে উপাচার্যসকলেও সহযাত্রীৰূপে সহযোগ কৰিব। অসমৰ সাতামপুৰুষীয়া শান্তি-সম্প্রীতি, ঐক্য, ভাতৃত্ববোধ আৰু বন্ধুত্বপূর্ণ পৰিৱেশ বৰ্তাই ৰাখিবৰ বাবে ছাত্র-ছাত্রীসকলৰ লগতে অভিভাৱক তথা সকলো শ্ৰেণীৰ ৰাইজলৈকো আহ্বান জনালো।”

Photo Credit : India Today