এজন লোকেই এবাৰেই পঞ্জীয়ন কৰক ASTCৰ টিকটত; আহ্বান ASTCৰ অধ্যক্ষৰ

পঞ্জীয়নৰ ১০০ শতাংশৰ ভিতৰত ৬৫শতাংশ লোকেহে কৰিছে আন্তঃজিলা যাতায়াত

0
70

২৫ এপ্ৰিলৰ পৰা মুকলি হ’ল অসমৰ আন্তঃজিলা জৰুৰীকালীন বাছ সেৱা মুকলি হ’ল। ২৫,২৬,২৭ এপ্ৰিলত চলিল জৰুৰীকালীন আন্তঃজিলা বাছ সেৱা।ইয়াৰ পিছতেই ২ মে’লৈকে বৃদ্ধি কৰা হ’ল আন্তঃজিলা জৰুৰীকালীন বাছ সেৱা।ই-টিকট পৰীক্ষা কৰাৰ পিছতহে উঠিব দিয়া হৈছে বাছত।যাত্ৰাৰ সময় আৰু স্থান SMS যোগে লাভ কৰিছে ১০৪ত পঞ্জীয়ন কৰা মোবাইল নম্বৰসমূহে।

এতিয়া আন্তঃজিলা জৰুৰীকালীন বাছ সেৱাৰ প্ৰতি বিশেষ আহ্বান ASTCৰ।এজন লোকেই এবাৰেই পঞ্জীয়ন কৰক ASTCৰ টিকটত।যদি এজন লোকে একাধিকবাৰ নাম পঞ্জীয়ন কৰিছে তেন্তে বাতিল কৰিবলৈ কোৱা হৈছে।পঞ্জীয়নৰ ১০০ শতাংশৰ ভিতৰত ৬৫শতাংশ লোকেহে কৰিছে আন্তঃজিলা যাতায়াত।

6026901061, 6026901062, 6026901063, 6026901064, 6026901065 এইকেইটা WhatsApp নম্বৰত মেছেজ কৰি বাতিল কৰিব পাৰিব।আন্তঃজিলা যাতায়াত সম্বন্ধীয় বিসংগতিৰ বাবেও WhatsApp কৰিব পাৰে উল্লেখিত নম্বৰত।এই বিশেষ আহ্বান ASTCৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ।

Photo Credit: Twitter.com