শিৱসাগৰত মহিলা অধিবক্তাক শাৰিৰীক-মানসিক অত্যাচাৰ চলোৱাৰ গুৰুতৰ অভিযোগ স্বামীগৃহৰ বিৰুদ্ধে

ডিব্ৰুগড় জিলাৰ মৰাণ নিৱাসী অধিবক্তা মুছফি চুলতানা আহমেদ বিগত বৰ্ষৰ এপ্ৰিলত বিবাহত বহিছিল শিৱসাগৰৰ ধাইআলি নিৱাসী ৱাহিদ হুছেইনৰ সৈতে

0
126

শিৱসাগৰত পাৰিবাৰিক হিংসাৰ বলি মহিলা অধিবক্তা। অধিবক্তাগৰাকীৰ নাম মুচফি চুলতানা আহমেদ।
ডিব্ৰুগড় বাৰ এছ’চিয়েশ্যনত কৰ্মৰত অধিবক্তাগৰাকী। বিবাহৰ এমাহ পাছৰ পৰাই স্বামী আৰু স্বামীৰ পৰিয়ালে শাৰিৰীক-মানসিক অত্যাচাৰ কৰাৰ গুৰুতৰ অভিযোগ। অধিবক্তাগৰাকীয়ে অভিযোগ উত্থাপন কৰা অনুসৰি ১০ মাৰ্চৰ পুৱা স্বামীৰ পৰিয়ালে পুনৰ আক্ৰমণ কৰে অধিবক্তাগৰাকীৰ লগতে অধিবক্তা গৰাকীৰ ভাতৃ আচিম আলী আহমেদক। উঠিছে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ।

স্বামী ৱাহিদ হুছেইন, দেওৰেক চাজিদ হুছেইন আৰু ৱাজিৱ হুছেইন, চামিমা বেগমৰ আক্ৰমণত অধিবক্তাগৰাকী আহত হোৱাৰ লগতে অধিবক্তাগৰাকীৰ ভাতৃ আছিম আলী আহমেদ গুৰুতৰভাৱে আহত হৈছে৷ আহত আছিম আলী আহমেদ বৰ্তমান ডিব্ৰুগড়ৰ সঞ্জীৱনী হস্পিতালত চিকিৎসাধীন।

উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ নিৱাসী অধিবক্তা মুছফি চুলতানা আহমেদ বিগত বৰ্ষৰ এপ্ৰিলত বিবাহত বহিছিল শিৱসাগৰৰ ধাইআলি নিৱাসী ৱাহিদ হুছেইনৰ সৈতে৷ বিয়াৰ এমাহৰ পিছৰে পৰা অধিবক্তাগৰাকীক স্বামীৰ লগতে স্বামীৰ পৰিয়ালে শাৰিৰীক-মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ ঘটনা সম্পৰ্কত শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল অধিবক্তা গৰাকীৰ৷

এজাহাৰৰ ভিত্তিত দেওৰেক ৱাজিৱ হুছেইনক সোধপোছৰ বাবে আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। ইফালে অধিবক্তাগৰাকীৰ অভিযোগ নস্যাৎ কৰিছে স্বামীৰ পৰিয়ালে। স্বামীৰ পৰিয়ালে জানিবলৈ দিয়া মতে অধিবক্তাগৰাকীৰ লগত ৱাহিদ হুছেইনৰ বিবাহ বিচ্ছেদৰ গোচৰ আদালতত চলি থকাৰ পিছতো ১০ মাৰ্চত অধিবক্তাগৰাকীয়ে ভাতৃসহ স্বামীৰ গৃহত বলপূৰ্বক প্ৰৱেশ কৰি পৰিয়ালৰ সদস্যক মাৰধৰ কৰাতহে সংঘাত সৃষ্টি হোৱা বুলি অভিযোগ উত্থাপন হৈছে৷

Photo: Time8