পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা চাৰি খালিস্তানি নেতাক ডিব্ৰুগড়লৈ স্থানান্তৰ

0
1
প্ৰতিনিধিত্বমূলক চিত্ৰ

শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা খালিস্তানৰ সমৰ্থক তথা “ৱাৰিছ পঞ্জাব দে”ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে তেওঁৰ আন তিনিগৰাকী সহযোগীক অসমৰ ডিব্ৰুগড়লৈ লৈ অনা হৈছে বুলি জানিব পৰা গৈছে।

অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰাক লৈ পঞ্জাৱত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিব বুলি আশংকা কৰিয়েই খালিস্তানী সমৰ্থকক কেইগৰাকীক অসমলৈ অনা হোৱা এক বিশেষ সূত্ৰই জনায়।

আজি ৰাতিপুৱা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পঞ্জাৱ আৰক্ষীৰ এটা দলে বিশেষ বিমানেৰে তেওঁলোকক ডিব্ৰুগড়লৈ লৈ আহে।

জানিব পৰা মতে, সম্প্ৰতি খালিস্তানৰ সমৰ্থক চাৰিগৰাকীক ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ৰখা হৈছে।

অৱশ্যে খালিস্তানী সমৰ্থক কেইগৰাকীক কি কাৰণত অসমলৈ স্থানান্তৰ কৰা হ’ল সেই বিষয়ে কোনো ধৰণৰ আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই।

উল্লেখ্য যে, শনিবাৰে পঞ্জাৱ আৰক্ষীৰ এটা বৃহত দলে খালিস্তানৰ সমৰ্থক অমৃতপাল সিঙৰ লগতে তেওঁৰ ছয়গৰাকী সহযোগীক গ্ৰেপ্তাৰ কৰিছিল।

এজন ঘনিষ্ঠ বন্ধুক গ্ৰেপ্তাৰ কৰাত ক্ষুব্ধ হৈ অমৃতপালে সমৰ্থকৰ সৈতে ২৩ ফেব্ৰুৱাৰিত আজনালা আৰক্ষী থানাত আক্ৰমণ চলায়। এই গোচৰতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

উল্লেখ্য যে, কানাডাৰ পৰা আহি পঞ্জাৱত আশ্ৰয় লোৱা অমৃতপাল সিং ৱাৰিছ পাঞ্জাৱ দে নামৰ সংগঠনটোৰ মুৰব্বী।