28 C
Guwahati
Friday, October 15, 2021
More

    ভয়ংকৰ কূটাঘাতৰ ইংগিত নেকি ! ভাৰত-ভূটান সীমান্তত বস্তাই বস্তাই গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট উদ্ধাৰ

    ভয়ংকৰ কূটাঘাতৰ ইংগিত নেকি ! ভাৰত-ভূটান সীমান্তত বস্তাই বস্তাই গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট উদ্ধাৰ

    ভয়ংকৰ কূটাঘাতৰ ইংগিত নেকি ! ভাৰত-ভূটান সীমান্তত বস্তাই বস্তাই গুলি-বাৰুদ-শক্তিশালী ৰকেট লান্সাৰৰ অৱশিষ্ট উদ্ধাৰ। ভাৰত-ভূটান সীমান্তৰ দৰঙামেলাৰ পৰা এই বৃহৎ পৰিমাণৰ অৱশিষ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে।

    শাৰদীয় দুৰ্গা পুজাৰ ষষ্ঠিৰ দিনাই বাক্সা জিলা আৰক্ষী অধীক্ষক ৰাজেন সিং আৰু তামুলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ নিৰ্দেশমৰ্মে আজি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নিলভজ্যোতি নাথে দৰঙামেলা আৰক্ষীৰ সহযোগত জব্দ কৰে বস্তাই বস্তাই গুলি-বাৰুদৰ অৱশিষ্ট।

    ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে 151 টা TPT ৰ অৱশিষ্ট, 84 MM চেলৰ অৱশিষ্ট 5 টা, বিগ চেলৰ অৱশিষ্ট তিনিটাৰ লগতে প্ৰায় ২০০কেজি গুলি-বাৰুদৰ অৱশিষ্ট।

    দৰঙামেলা এইচ ইছক্ৰেপ ডীলাৰ নামৰ প্ৰতিষ্ঠানটোৰ পৰা জব্দ কৰে এই সমূহ অৱশিষ্ট। ইতিমধ্যে ঘটনা সন্দৰ্ভত দুজন লোকক আটক কৰিছে আৰক্ষীয়ে। অৱশ্যে তদন্তৰ খাতিৰত নাম প্ৰকাশ কৰা নাই আৰক্ষীয়ে।

    দীৰ্ঘ দিনে সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জৰ পৰা এচাম লোকে গুলি বাৰুদৰ অৱশিষ্ট বুটলি এচাম লোকক বিক্ৰী কৰি আহিছিল। ৬ অক্টোবৰ তাৰিখেও সেনাৰ প্ৰশিক্ষণস্থলী শুকানজুলি ফায়াৰিং ৰেঞ্জত গুলিৰ অৱশিষ্ট বুটলিব গৈ মৃত্যু হৈছিল ১৪ বছৰীয়া কিশোৰৰ। আটক কৰা দুয়োজন লোকক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Input and Photo – Abhijit Tamulpur

    আৰু পঢ়ক : উপ নিৰ্বাচন সমাগত, মনোনয়ন দাখিল কৰা ৩৯গৰাকী প্ৰাৰ্থীৰে মনোনয়ন বৈধ ঘোষণা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং