চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন ! বুকুৰ কামিহাড়ত আঘাত পোৱাৰ লগতে উশাহ লোৱাত অসুবিধা

0
988

চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত অমিতাভ বচ্চন ! বুকুৰ কামিহাড়ত আঘাত পোৱাৰ লগতে উশাহ লোৱাত অসুবিধা

বলীউডৰ অভিনেতা অমিতাভ বচ্চন এখন ছবিৰ দৃশ্যগ্ৰহণৰ সময়ত আঘাতপ্ৰাপ্ত হয়। এই তথ্য অমিতাভ বচ্চনে নিজেই দিছে।হায়দৰাবাদত ছবিখনৰ একচনৰ দৃশ্যগ্ৰহণ কৰি থকা হৈছিল।সেই সময়তে, অভিনেতাজন আঘাতপ্ৰাপ্ত হয়। বুকুৰ কামিহাড় ভাঙি গৈছে আৰু বুকুৰ সোঁ ফালৰ পেশীও আঘাতপ্ৰাপ্ত হৈছে।

লগে লগে দৃশ্যগ্ৰহণ বাতিল কৰা হৈছে। চিকিৎসকৰ পৰামৰ্শ লোৱা হৈছে। অভিনেতাজন ঘৰলৈ উভতি গৈছে। অভিনেতা জনে কৈছে যে “খোজ কাঢ়োঁতে যথেষ্ট বিষ অনুভৱ কৰিছো। সকলো স্বাভাৱিকলৈ ঘূৰি আহিবলৈ কিছু সময় লাগিব। সকলো কাম বৰ্তমানৰ বাবে স্থগিত ৰখা হৈছে।

পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে কোনো ঘূৰা ফুৰা সকলো বন্ধ।” দৰাচলতে প্ৰজেক্ট কে’ এখন একচন ছবি। এইখন নাগ অশ্বিনৰ দ্বাৰা পৰিচালিত হৈছে। অমিতাভ বচ্চনৰ উপৰিও প্ৰভাস, দীপিকা পাডুকন আৰু দিশা পাটানি ছবিখনত মুখ্য চৰিত্ৰত আছে। চলচ্চিত্ৰখন ২০২৪ চনৰ ১২ জানুৱাৰীত মুক্তি পাব।