26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ২৫ জুলাইত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল’ব কেইবাটাও চৰকাৰী কাৰ্যসূচীত

    ২৫ জুলাইত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ, অংশ ল’ব কেইবাটাও চৰকাৰী কাৰ্যসূচীত

    অহা ২৫ জুলাইত অসমলৈ আহিব গৃহমন্ত্ৰী অমিত শ্বাহ। অসম ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ ল’ব।

    মঙলবাৰে এখন সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অমিত শ্বাহৰ ভ্ৰমণৰ বিষয়ে জনায়।

    গৃহমন্ত্ৰী শ্বাহে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত অসম চৰকাৰৰ কেইবাখনো আঁচনিৰ শুভাৰম্ভণি কৰিব।

    ইয়াৰ উপৰি বি টি আৰ চুক্তি অনুসৰি তামুলপুৰত স্থাপন হ’বলগীয়া আদৰ্শ চিকিৎসা মহাবিদ্যালয়খনৰো আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰীগৰাকীয়ে।

    গৃহমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পৰাই এই সকলোবোৰ কাৰ্যসূচীত অংশ ল’ব।

    উল্লেখ্য যে, গৃহমন্ত্ৰী অমিত শ্বাহে দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২৪ জুলাইত শ্বিলঙত উপস্থিত হ’ব। শ্বিলঙত তেওঁ উত্তৰ-পূবৰ ৰাজ্য কেইখনৰ মুখ্যমন্ত্ৰীৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব।

    মুখ্যমন্ত্ৰী কেইগৰাকীৰ উপস্থিতিত গৃহমন্ত্ৰী শ্বাহে উত্তৰ-পূবৰ উন্নয়ন, ড্ৰাগছ-মানৱ সৰবৰাহ, আইন শৃংখলা আদি বিষয় সন্দৰ্ভত আলোচনা কৰিব।

    এই বৈঠকৰ অন্তত অৰ্থাৎ ২৫ জুলাইৰ বিয়লি গুৱাহাটীত উপস্থিত হ’ব অমিত শ্বাহ।

    আৰু পঢ়ক : বিনা অনুমতিত একাধিকবাৰ বিদেশ ভ্ৰমণ কৰি নিলম্বিত হ’ল অসমৰ আই পি এছ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং