22 C
Guwahati
Friday, May 20, 2022
More

    ব্যাপক ক’ভিড সংক্ৰমণ, পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

    ব্যাপক ক’ভিড সংক্ৰমণ, পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান

    ৰাজ্যৰ বৰ্ধিত ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটক সকলৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ কথা ঘোষণা কৰে উদ্যান কৰ্তৃপক্ষয়।

    ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰৱৰ্তী জাননী জাৰি নকৰা পৰ্যন্ত পৰ্যটক সকলৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যান বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

    বৃহস্পতিবাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকসকলৰ বাবে বন্ধ থাকিব।

    দৰং জিলা উপায়ুক্তই ৰাষ্ট্ৰীয় উদ্যানখন সাময়িকভাৱে পৰ্যটক সকলৰ বাবে বন্ধ ৰখাৰ জাননী জাৰি কৰে।

    উল্লেখযোগ্য যে, অসমত ক্ৰমাগতভাৱে ক’ভিড সংক্ৰমণৰ ঘটনা বৃদ্ধি পাই আহিছে। মঙলবাৰৰ দিনটোত ৰাজ্যত ৮০০০-ৰ অধিক লোক নতুনকৈ ক’ভিড সংক্ৰমিত হোৱাৰ লগতে বহুকেইজন লোকৰ মৃত্যুও হয়।

    সোমবাৰে অসমত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে মঙলবাৰে ৰাজ্যত ক’ভিড সংক্ৰমণৰ ফলত মৃত্যু হয় ১৬ জন লোকৰ।

    ৰাজ্যৰ ভিতৰত কামৰূপ মহানগৰ জিলাত সৰ্বাধিক সংখ্যক লোক দৈনিক ক’ভিড প’জিটিভ হৈছে।

    আৰু পঢ়ক : আলফালৈ যোৱাৰ সন্দেহ ! স্বামী অভিজিতক ঘৰলৈ ঘুৰি অহাৰ বাবে কান্দি কান্দি আহ্বান ৭ মহীয়া অন্তঃসত্বা পত্নীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং