তৰুণ গগৈৰ ‘দুৰ্ঘোৰ প্ৰেমিক’ আছিল তেওঁ, কাহানিও লগহে নাপালে…

0
41134

পলাশ জ্যোতি গগৈ

মুখ মণ্ডল সেতা পৰিছে তেওঁৰ। আগতে গুৱাহাটীলৈ তেনেকৈ অহা নাই। কলাক্ষেত্ৰৰ নামো শুনা নাই বোলে। সপোন আছিল মৰমৰ তৰুণ গগৈক চাবলৈ পাব ওচৰৰ পৰা। কিন্তু সেয়া হৈ নুঠিল। খবৰ পালে তেওঁ আৰু নাই।

অধিকাংশ লোকে ‘তৰুণ গগৈ ছাৰ’ বুলি কৈছিল যদিও ‘দুৰ্ঘোৰ প্ৰেমিক’ তৰুণ গগৈক মহিলাগৰাকীয়ে ছাৰ সম্বোধন কৰা নাছিল। আচলতে তেওঁ ভবাও নাছিল ছাৰ বুলিয়ে মাতিব লাগেনে কিয়ে। ওচৰৰ পৰা বোলে তৰুণ গগৈক চাবলৈ মন আছিল। সেয়া হৈ নুঠিল। তৰুণ গগৈৰ কামবোৰৰ দুৰ্ঘোৰ প্ৰেমিক আছিল আইতাগৰাকী…।

আমি সুধিছিলো, আপোনাৰ বয়স কিমান? তেওঁ হাঁহি দিলে বোলে ‘তহঁতক কেনেকৈ কম? মই নিজেই নাজানো’। তেওঁৰ কথাখিনিয়েই আচলতে পৰিচয় দিছিল। কলাক্ষেত্ৰত মৰমৰ তৰুণ গগৈক চাবলৈ আহিছিল মিৰ্জাৰ ভাৰতী দাস।

আমাক কৈছিল, ”মই আহি পালোহিহে বুলিছো। চিনি নাপাও নহয়।” আচলতে একেবাৰে সাধাৰণ এগৰাকী মহিলা। তেওঁৰ বয়সে ৮০ৰ দেওনা পাৰ কৰিছে। গাঁৱত বাস কৰা মহিলাগৰাকীয়ে নুবুজে ৰাজনীতি। কি কৰিব, কি নকৰিব তাৰো কোনো ধাৰণা নাই।

এসময়ত খাবলৈ বোলে চাউল নাছিল। চাকি জ্বলাবলৈ তেল নাছিল। তেতিয়া তেওঁলোক খুব চিন্তাত আছিল। বিপদত পৰিছিল। তৰুণ গগৈৰ দিনতে বোলে চাউল-কেৰাচিন পালে। মানুহগৰাকীয়ে কৈছিল লকডাউন আৰম্ভ হোৱাৰ সময়ত তেওঁৰ স্বামীৰ মৃত্যু হৈছিল।

”আগতে টিভিত দেখিছো। এতিয়ালৈকে ওচৰৰ পৰা দেখা নাই। ভাবিলো চাই আহোগৈ। ইয়াকো লৈ আহিলো।” মানুহগৰাকীয়ে নাতিয়েককো হাতত ধৰি লৈ আহিছিল কলাক্ষেত্ৰলৈ। কৈছিল, ”ভাল মানুহ এজনক দেখুৱাই আনোগৈ। দেখুৱাবলৈকে লৈ আহিছো ইয়াক বাপ্পাক।”

আমি মিৰ্জাৰ পৰা আহিছো। তৰুণ গগৈক চাবলৈ আহিছো…

বুধবাৰে পুৱা ৮ বজাতে ঘৰৰ পৰা ওলাইছিল বৃদ্ধাগৰাকী। আহোতে বাটত সুধিহে আহিব পাৰিছিল। কৈছিল, ”মই আহিব পাৰিম বুলি ভবাই নাছিলো। বাটত পুলিচক সুধিছো, মিলিটাৰীক সুধিছো। পালোহি।”

হাতত পইচাও নাছিল। ঘৰত তলা লগাই আহিছে। চাবি এটাৰ লগতে ৫০টকীয়া নুৰীয়াই থোৱা নোট এখন তেওঁ হাততে লৈ আহিছিল। তাকে দেখি আৰু মনৰ কথাবোৰ শুনি প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকৰে ১০০ টকীয়া নোট এখন দিছিল।

নৃপেন মালাকৰে দিছিল ১০০ টকীয়া নোটখন…

তৰুণ গগৈৰ নশ্বৰ দেহ কলাক্ষেত্ৰলৈ নিয়াৰ পিছৰে পৰা তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ বহু লোকৰ সমাগম হৈছিল। শদিয়াৰ পৰা ধুবুৰী, বৰাক-ব্ৰহ্মপুত্ৰৰ বিভিন্ন লোক আহিছিল। সকলো লোকে নিজৰ প্ৰিয় নেতাজনক শেষ শ্ৰদ্ধাঞ্জলি জনাইছিল। বাছ ভাড়া কৰিও বহু লোক আহিছিল।

কিন্তু তাৰ মাজতো এইগৰাকী মহিলা আছিল ব্যতিক্ৰম। কাৰণ তেওঁ চিনি নাপায় কলাক্ষেত্ৰ, কোনো দিন আহি পোৱা নাই। লগত আহিবলৈ কোনো চিনাকি মানুহো নাই, তাৰ পিছতো আহিছিল। বুকুত সাহস বান্ধি প্ৰিয় নেতাগৰাকীক চাবলৈ আহিছিল।

বৃদ্ধাগৰাকীৰ নাতিৰ নাম কমল দাস। তেনেই সৰু লৰা। সমাজৰ আওভাও একো বুজি পোৱা নাই। কেৱল জানিছে যে, সি আগতে টিভিত দেখি থকা মানুহজনৰ মৃত্যু হৈছে।

”কিছুমান কথাৰ বাবে তেওঁক ভাল পাইছিলো। ভাল মানুহ আছিল।” এনেদৰে কৈছিল বৃদ্ধাগৰাকীয়ে। কমল দাস নামৰ শিশুটোৰ দেউতাকে হোটেলত কাম কৰে। বৃদ্ধাগৰাকীৰ আন এটি সন্তানৰ পান দোকান আছে।

”মুখ্যমন্ত্ৰী দুটাৰ মই এইটোকহে (প্ৰয়াত তৰুণ গগৈ) ভাল পাওঁ। ৰাইজেও ভাল পাও বুলি কৈছে বাপ্পা। গতিকে আহিছো।” তেতিয়া সন্ধিয়া হৈ আহিছিল। বৃদ্ধাগৰাকী ঘৰৰ অভিমুখে যাবলৈ লৈছিল। হঠাত ৰৈ আকৌ এবাৰ কৈছিল, ”মই জালুকবাৰীলৈকে গাড়ী পামনে বাৰু। তালৈকে পালেই হ’ব। বাকীখিনি যাম আৰু।” মানুহগৰাকীৰ ঘৰ মিৰ্জাত।

এনে কিছু মানুহৰ আপোন আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। বিশেষ ৰাজনৈতিক শ্ৰেণীৰ সৈতেহে যে তেওঁ সম্পৰ্ক ৰক্ষা কৰি চলিছিল তেনে নহয়। সকলো জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে প্ৰতিজন লোক আৰু সকলো ৰাজনৈতিক দলৰ নেতাৰ সৈতেই আছিল তেওঁৰ ঘনিষ্ট। সেয়া দেখিবলৈ পোৱা গ’ল কলাক্ষেত্ৰত তেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা লোকৰ ক্ষেত্ৰত।

নামঘৰ, মছজিদ, মন্দিৰ, গীৰ্জা সকলো লৈকে নিয়া হৈছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ। কাৰণ মৃত্যুৰ পূৰ্বে তেওঁ কৈ গৈছিল তেওঁৰ নশ্বৰ দেহ ক’ত, ক’ত নিব লাগিব। বৃহস্পতিবাৰে অন্তিম যাত্ৰাত বহু হেজাৰ লোকে সংগ দিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহক। ফুল চতিয়াই সেৱা জনাইছিল। একেমুখে প্ৰতিজন লোকে স্বীকাৰ কৰিছিল, এজন ভাল মানুহ হেৰাই গ’ল। সেয়াই আছিল তৰুণ গগৈ, ভাৰতী দাসৰ দৰে মানুহে যাক টিভিত দেখিয়েই ভাল মানুহ বুলি স্বীকৃতি দিছিল…।