31 C
Guwahati
Tuesday, September 27, 2022
More

    এক আজৱ ঘটনা ! ৰাস্তা পাহৰি এখন ৰে’ল পালেগৈ অন্য ঠাই ,কিন্তু মাজ বাটতে …

    এক আজৱ ঘটনা ! ৰাস্তা পাহৰি এখন ৰে’ল পালেগৈ অন্য ঠাই ,কিন্তু মাজ বাটতে …

    বিহাৰৰ বেগুচৰায়ত এক আজৱ ঘটনা সংঘটিত হয়। ষ্টেচন মাষ্টৰৰ ভূলৰ বাবেই সমস্তিপুৰ পথ যাবলগীয়া অমৰনাথ এক্সপ্ৰেছক পঠালে হাজিপুৰলৈ।

    জানিব পৰা মতে সোণপুৰ ৰে’ল বিভাগৰ বাখৱাৰা জংচনত কৰ্মৰত সহকাৰী ষ্টেচন মাষ্টৰৰ অৱহেলাৰ বাবে অমৰনাথ ৰেলখনৰ দিশ সলনি হয়।

    কিন্তু ৰেল চালকগৰাকীৰ বাবে এক ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি পৰিত্ৰাণ পায়। ঘটনাটোক লৈ জংচনটোত বিষয়া কৰ্মীৰ মাজত আতংকৰ সৃষ্টি হয়।

    বৃহস্পতিবাৰে পুৱা গুৱাহাটীৰ পৰা জম্মু তাৱীলৈ গৈ আছিল অমৰনাথ এক্সপ্ৰেছ। কিন্তু বাচৱাৰা ৰেল জংচনৰ ষ্টেচন অধীক্ষকৰ অৱহেলাৰ বাবে সমস্তিপুৰ পথ যাবলগীয়া ৰেলখন বিদ্যাপতিনগৰ হাজিপুৰ লাইনত গুচি যায়।

    যেতিয়া চিগনেলৰ বাহিৰপাৰ হৈ গৈছিল, ৰেলচালকজনে পথটো ভূল হোৱা বুলি গম পায়। যাৰ পিছত চালকজনে ৰেলখন ৰখাই ছিল আৰু বাচৱাৰাৰ নিয়ন্ত্ৰণ কক্ষৰ সৈতে যোগাযোগ কৰিছিল।

    পিছত ৰেল খনক পুনৰ বাচৱাৰা ষ্টেচনলৈ ঘূৰাই আনি সমস্তীপুৰলৈ পঠাই দিয়া হয়। ঘটনাক লৈ ৰেল আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং