18 C
Guwahati
Thursday, January 20, 2022
More

    উৰুকাৰ নিশা এই পাঁচটা কথাত সাৱধান হওক, বিপদৰ পৰা দূৰত থাকিব আপুনি আৰু আপোনাৰ পৰিয়াল

    উৰুকাৰ নিশা এই পাঁচটা কথাত সাৱধান হওক, বিপদৰ পৰা দূৰত থাকিব আপুনি আৰু আপোনাৰ পৰিয়াল

    আজি ভোগালী বিহুৰ উৰুকা। উৰুকাত সকলোৱে মিলি একেলগে এসাজ তৃপ্তিৰে খোৱা-বোৱা কৰে। উৰুকাৰ দিনটোত ধনী-দুখীয়া সকলো অসমীয়া লোকে নিজৰ সাধ্য অনুসৰি মাছ-মাংসৰ বজাৰ কৰে।

    নিশা সকলোৱে ভেলাঘৰত থকাৰ লগতে পুহৰ প্ৰচণ্ড শীতত ঠেৰেঙা লগা শৰীৰ উমাল কৰাৰ বাবে জুইৰ উম লয়।

    উৰুকাৰ নিশা আনন্দ-উলাহৰ মাজতে সকলোৱে এই কেইটা কথা মনত ৰাখিব লাগে।

    ১) জুইৰ পৰা সাৱধান: উৰুকাত যিহেতু প্ৰচণ্ড শীত থাকে আৰু এই শীতত সকলোৱে উমাল কাপোৰ পিন্ধে সেইকাৰণে জুইৰ উত্তাপ লোৱাৰ সময়ত সকলোৱে সাৱধানতা অৱলম্বন কৰিব লাগে যাতে কোনোকাৰণতে কাপোৰত জুই নালাগে।

    ২) নিশা যান-বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওঁক : উৰুকাৰ নিশা যিহেতু কুৱলী যথেষ্ট পৰা দেখা যায় সেইবাবে যান-বাহন চলোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰিব লাগে যাতে দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব পৰা যায়।

    ৩) নিশা বেছি নিয়ৰত নাথাকিব : পুহ-মাঘ মাহত যিহেতু অসমত যথেষ্ট নিয়ৰ পৰে সেইবাবে উৰুকাৰ নিশা টুপী অথবা মুৰ নধকাকৈ বাহিৰত বেছি নোলাব কাৰণ যিহেতু ক’ভিডৰ সময়ত চলিছে গতিকে চৰ্দি-জ্বৰ আদিৰ পৰা দুৰত থাকক।

    ৪) সামাজিক দূৰত্ব বজাই চলক: ক’ভিডৰ সময়ত সামাজিক দূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজনীয়। উৰুকাৰ নিশা বেছি মানুহ গোট খোৱা ঠাই এৰাই চলক আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰক।

    ৫) হাত ধোৱক : মূলত বেছিভাগ ৰোগ হাতৰ জৰিয়তে বিয়পে। উৰুকাৰ নিশা যিহেতু খাদ্য উভয়নদী সেইবাবে সঘনে খাদ্যৰ সোৱাদ লৈ থকা হয় খাদ্য খোৱাৰ সময়ত হাত ধোৱাৰ অভ্যাস গঢ়ি তোলক দেখিব বহু ৰোগৰ পৰা আপুনি আঁতৰত থাকিব পাৰিছে।

    আৰু পঢ়ক : ২৬ টা বছৰৰ অন্তত ভাৰতলৈ প্ৰত্যাৱৰ্তন এসময়ৰ অতিকে জনপ্ৰিয় বাইক – Yezdi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং