18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নেতাক সাক্ষাতৰ বাবে আহোতেই মহাবিদ্যালয়ৰ ছাত্র ছাত্রীৰ ওপৰত AIUDF কর্মীৰ আক্ৰমণ!

    ডবকাত এ আই ইউ ডি এফ(AIUDF) ৰ কার্যালয়ত উত্তপ্ত পৰিস্থিতি। নেতাক সাক্ষাতৰ বাবে আহোতেই মহাবিদ্যালয়ৰ ছাত্র ছাত্রীৰ ওপৰত AIUDF কর্মীৰ আক্ৰমণ। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ডবকা হাজি আনফৰ আলী মহাবিদ্যালয়ৰ ছাত্র ছাত্রীয়ে।

    ডবকা হাজি আনফৰ আলী মহাবিদ্যালয়ৰ ছাত্র ছাত্রীৰ ওপৰত এ আই ইউ ডি এফ কর্মীৰ আক্ৰমণৰ অভিযোগ। কার্যালয়ত ছাত্র ছাত্ৰী সকলে বৰপেটাৰ প্ৰাক্তন সাংসদ চিৰাজ উদ্দিন আজমলৰ সাক্ষাতৰ বাবে যাওঁতে সংঘটিত হয় এই ঘটনা।

    সাক্ষাৎকাৰ সম্পূৰ্ণ হোৱাৰ পাছতে এ আই ইউ ডি এফৰ কর্মীয়ে ছাত্র ছাত্ৰীৰ ওপৰত আক্ৰমণ চলোৱাৰ গুৰুতৰ অভিযোগ। ঘটনাৰ লগে লগে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় যমুনামুখ সমষ্টিৰ এ আই ইউ ডি এফৰ কার্যালয়ৰ চৌহদ। ছাত্র আৰু এ আই ইউ ডি এফ কর্মীৰ মাজত প্রচণ্ড মাৰপিট। উত্তেজনা বৰ্তমানেও অব্যাহত আছে।\

    আৰু পঢ়ক : তিনিচুকীয়াত ৮ টা দুষ্প্ৰাপ্য বনৰৌ সহ দুজনক আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং