29 C
Guwahati
Saturday, August 13, 2022
More

    কোনো মতে ঘূৰি আহিল তামিলনাডুত আবদ্ধ হৈ থকা অসমৰ দুই যুৱক, কি হ’ল আনকেইজনৰ?

    তামিলনাডুত আবদ্ধ হৈ থকা ১৫জন যুৱকৰ ভিতৰত দুজন পলাই আহিবলৈ সক্ষম হ'ল অসমলৈ। আবদ্ধ হৈ থকা আনকেইজন যুৱকক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে

    তামিলনাডুত আবদ্ধ হৈ থকা ১৫জন যুৱকৰ ভিতৰত দুজন পলাই আহিবলৈ সক্ষম হ’ল অসমলৈ। আবদ্ধ হৈ থকা আনকেইজন যুৱকক উদ্ধাৰ কৰি অসমলৈ ঘূৰাই পঠিয়াইছে আৰক্ষীয়ে। ৰে’লেৰে আহি থকাৰ দৃশ্য ছচিয়েল মিডিয়াত দেখুৱালে পলাই অহা ডিব্ৰুগড়ৰ দুই যুৱকে।

    উল্লেখ্য যে শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈ তামিলনাডুত আবদ্ধ হৈ পৰিছিল চিৰাং আৰু ডিব্ৰুগড় জিলাৰ ১৫জনকৈ যুৱক। শিলচৰৰ এজন লোকৰ নেতৃত্বত কাম কৰিবলৈ কাঢ়ি ৰাখিছিল যুৱককেইজনৰ ধন আৰু অন্যান্য় প্ৰয়োজনীয় নথিপত্ৰও। কাম কৰাৰ বিনিময়ত ধন বিচাৰোতে নিৰ্যাতন চলাই বন্ধ কোঠাত আবদ্ধ কৰি ৰাখিছিল আটাইকেইজন যুৱকক। প্ৰাণে মৰাৰো ভাবুকি দিছিল যুৱককেইজনক। আৰু অৱশেষত সৌভাগ্যক্ৰমে ৰক্ষা পৰিল অসমৰ যুৱককেইজনৰ প্ৰাণ।

    যুৱককেইজনে এক ভিডিঅ’যোগে তেওঁলোকৰ জীৱন ৰক্ষা কৰিবলৈ কাতৰ আহ্বান জনাইছিল অসম চৰকাৰ আৰু আৰক্ষীক। তাৰ পিছতে তামিলনাডুৰ স্থানীয় আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱককেইজনক। আৰু ইয়াৰে ৩জন হামছফৰ এক্সপ্ৰেছযোগে আহি আছে অসমলৈ।

    আনহাতে কাইলৈহে অসমলৈ আহিব পাৰিব আন ১০জন। আৰক্ষীয়ে ৰে’লযোগে কেউজনকে ঘূৰাই পঠিওৱাৰ ব্যৱস্থা লৈছিল যদিও ভুল ষ্টেচনলৈ যোৱাৰ বাবেই আজি আহিব নোৱাৰিলে যুৱককেইজন। কাইলৈ পুৱাৰ ভাগত আহিব ৰে’লযোগে। ইয়াৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে চৰাইদেউ আৰক্ষীয়ে। তেওঁলোকক ঘূৰাই পঠিয়াবলৈ প্ৰেৰণ কৰিছে টকা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং