33 C
Guwahati
Friday, August 5, 2022
More

    কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি ! নিষ্ঠাবান কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ লোক সেৱা বঁটা প্ৰদান

    কম্পিউটাৰ নজনা কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি ! নিষ্ঠাবান কৰ্মচাৰীক মুখ্যমন্ত্ৰীৰ লোক সেৱা বঁটা প্ৰদান

    আজি প্ৰাক্তন মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস। মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰথমবাৰৰ বাবে আজিৰ দিনটো লোক কল্যাণ দিৱস হিচাপে পালন হৈছে ।

    এই লোককল্যাণ দিৱসত চৰকাৰে আগবঢ়াইছে লোক সেৱা বঁটা। সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱাৰ বাবে ১০ জন কৰ্মচাৰীক মুখ্যমন্ত্ৰীয়ে সন্মানিত কৰা হৈছে এই বঁটাৰে।

    এই বঁটা লাভ কৰা লোক সকলৰ চাকৰীৰ কাৰ্যকাল এবছৰৰ বাবে বৃদ্ধি কৰা হ’ব। দিছপুৰ খেলপথাৰত লোককল্যাণ দিৱস উপলক্ষ্যে আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমান্ত বিশ্ব শৰ্মাই সচিবালয়ৰ সকলো কাম পেপাৰবিহীন কৰাৰ কথা উল্লেখ কৰি কয় যে ২ অক্টোবৰৰ পৰা অসম সচিবলয়ৰ সকলো কাম ডিজিটেল হ’ব ।

    ২ অক্টোবৰৰ পৰা অসমৰ কোনো বিষয়াই মেনুৱেল ফাইল নলয় । কোনোবাই যদি কিবা কামত অসম সচিবালয়লৈ আহে তেলেহলে সচিবালয়ৰ বাহিৰত কম্পিউটাৰত টাইপ কৰিলেই সকলো নিষ্পত্তি হ’ব ।

    অসম সচিবলয়ৰ সচিবালয়ত মাত্ৰ ২০ হাজাৰ ফাইল থবৰ বাবে ঠাই আছে । যিটো অসম সচিবলয়ত ৩ লাখৰো অধিক ফাইল আছিল সেই ঠাইত সকলো ফাইল নিষ্পত্তি হৈ ২০ হাজাৰ ফাইল অসম সচিবলয়ত থাকিব ।

    সচিবলয়ত কাম কৰা যি সকলক কৰ্মচাৰীয়ে কম্পিউটাৰ নাজানে তেওঁ লোকক কম্পিউটাৰ শিকি লবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ।কম্পিউটাৰ শিকিব নোখোজা কৰ্মচাৰীক কোনেও কাম নিদিব। তেওঁলোকক আমাৰ মাজত নাই বুলি আমি ধৰি লম।

    সচিবালয়ত কাম কৰিলে ডিজিটেলৰ কাম কৰিব জানিবই লাগিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কৰ্মচাৰী সকলক লগতে কয় যে যোৱা এমাহত প্ৰতিদিনে দুজনকৈ কৰ্মচাৰী দুৰ্নীতিৰ অভিযোগত ধৰা পৰিছে, এয়া জাতিৰ বাবে শুভ লক্ষণ নহয়।

    দুৰ্নীতিৰ পৰা দূৰত আৰু ৰাজহুৱা স্বাৰ্থ আগত ৰাখি আপোনালেকে কাম কৰক । তেতিয়াহে আমাক জনতাই প্ৰশংসা কৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং