30.6 C
Guwahati
Wednesday, May 25, 2022
More

    ক’ভিড সংক্ৰমণৰ বাবে ২৬ জানুৱাৰীলৈ বিদ্যালয়, মহাবিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ

    ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ কাৰণে হাৰিয়ানা চৰকাৰে সোমবাৰে ৰাজ্যখনত সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ২৬ জানুৱাৰি পৰ্যন্ত বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

    হাৰিয়ানাৰ শিক্ষা মন্ত্ৰী কনৱাৰ পালে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ কাৰণে সকলো বিদ্যালয় আৰু মহাবিদ্যালয় ২৬ জানুৱাৰি পৰ্যন্ত বন্ধ ৰখাৰ কথা ঘোষণা কৰে।

    অৱশ্যে, এই সময়ছোৱাত অ’নলাইন পাঠদান অব্যাহত থাকিব বুলিও শিক্ষা মন্ত্ৰী গৰাকীয়ে কয়।

    দেওবাৰে হাৰিয়ানাত নতুনকৈ ৫১৬৬ গৰাকী লোকৰ শৰীৰত ক’ভিডৰ সংক্ৰমণ ধৰা পৰে।

    হাৰিয়ানাৰ উপৰিও ভাৰতৰ বিভিন্ন ৰাজ্যত ক’ভিডৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠান সমূহ বন্ধ ৰখাৰ কথা ঘোষণা কৰা হৈছে।

    অসমতো পঞ্চম শ্ৰেণীলৈ বিদ্যালয় সমূহত পাঠদান ক’ভিডৰ পৰিপ্ৰেক্ষিতত বন্ধ ৰখাৰ কথা মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। গুৱাহাটী মহানগৰীত অষ্টম শ্ৰেণীলৈ বিদ্যালয় সমূহত পাঠদান বাতিল কৰা হৈছে।

    ভাৰতত বিগত ২৪ ঘণ্টাত ডেৰ লাখতকৈয়ো অধিক লোক ক’ভিড প’জিটিভ হৈছে।

    আৰু পঢ়ক : জানেনে, এটা সময়ত ভাৰতবৰ্ষত বনোৱা হৈছিল ০ মূল্যৰ নোট, কিন্তু কিয় কোনো মূল্য নোহোৱা নোটৰ নিৰ্মাণ হৈছিল দেশত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং