
ডেংগুত আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ পিছতে সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা
বৃদ্ধি পাইছে ডেংগু ৰোগীৰ সংখ্যা। কাৰ্বি আংলঙত ডেংগুৱে লৈছে এক ভয়ংকৰ ৰূপ। এতিয়ালৈকে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে তিনিজন লোক আৰু বৰ্তমান পৰ্যন্ত আক্ৰান্ত হৈ আছে ৩০৮ গৰাকী লোক।
ডেংগুৰ এই ভয়াবহ সংক্ৰমণৰ বাবে কাৰ্বি আংলং জিলাৰ অন্তৰ্গত সকলো শিক্ষানুষ্ঠান বন্ধৰ ঘোষণা কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে।
উল্লেখযোগ্য যে আজিৰ পৰা ১২ নৱেম্বৰলৈকে বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান।
সমান্তৰালকৈ গুৱাহাটীতো বৃদ্ধি পাইছে ডেংগুৰ আক্ৰান্ত সংখ্যা। অৱশ্যে গুৱাহাটী পৌৰ নিগমে ডেংগু মহৰ উপদ্ৰৱ ৰোধৰ বাবেও বিহিত ব্যবস্থা লৈছে।
নলা–নৰ্দমাত সমূহত এৰি দিয়া হৈছে বিশেষ ধৰণৰ মাছ আৰু এই মাছে মহৰ কণী খাই ৰোধ কৰিব ডেংগু মহৰ বংশ বৃদ্ধি।