আজমলৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীয়ে ল’ব বিহিত ব্যৱস্থা : মুখ্যমন্ত্ৰীয়ে ক’লে এই কথা

0
284
আজমল- হিমন্তৰ DNA একেই!‌‌বিজেপিক‌ জয় কৰাৰ বাবে Aiudf য়ে লগ দিছিল

এ আই ইউ ডি এফ প্ৰধান তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমলে হিন্দু সম্প্ৰদায় আৰু মহিলাসকলক লৈ কৰা অদ্ভুট মন্তব্যৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা সকলো গোচৰ এতিয়া কৰিমগঞ্জ জিলালৈ স্থানান্তৰ কৰা হৈছে।

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘এই গোটেই গোচৰবোৰ কৰিমগঞ্জ জিলালৈ স্থানান্তৰ কৰা হৈছে আৰু ইয়াৰ ওপৰত কৰিমগঞ্জ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব’।

উল্লেখ্য যে, এ আই ইউ ডি এফ প্ৰধান আজমলে যোৱা ২ ডিচেম্বৰত কৰিমগঞ্জৰ এক অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৪-৫ জনী মুছলমান ছোৱালীক বিয়া পাতিবলৈ আহ্বান জনোৱাৰ লগতে দুই-চাৰিটা লাভ জেহাদ কৰিবলৈ কৈছিল।

আনহতে, হিন্দু লোকসকলে ৪০ বছৰৰ পিছত পৰিয়ালৰ হেচাত বিয়াত বহে বাবেই সন্তান জন্ম দিব পৰা ক্ষমতা কমি আহে বুলি কোৱাৰ উপৰি আন কেইবাটাও বিতৰ্কিতমূলক মন্তব্য কৰিছিল।

আজমলৰ এই চূড়ান্ত সাম্প্ৰদায়িক মন্তব্যই ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৰ্থাত তিনি ডিচেম্বৰত প্ৰথমে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল।

দুলু আহমেদৰ উপৰি বিভিন্ন দল-সংগঠনেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজমলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।