29 C
Guwahati
Thursday, October 21, 2021
More

    কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ ব্যৰ্থতাৰ বাবে অসম-মিজোৰাম সীমান্তত গুলিচালনাৰ ঘটনা : আছু

    কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ ব্যৰ্থতাৰ বাবে অসম-মিজোৰাম সীমান্তত গুলিচালনাৰ ঘটনা : আছু

    অসম-মিজোৰাম সীমান্তত সংঘটিত ঘটনাক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সংবাদমেল।

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে সংবাদমেল সম্বোধন কৰি অসম-মিজোৰামৰ সীমান্তত অসম আৰক্ষীৰ ওপৰত বৰ্বৰ আক্ৰমণ সংঘটিত কৰা মিজোৰাম আৰক্ষীৰ কাৰ্য্যক গৰিহণা দিয়ে।

    বিবাদপূৰ্ণ অসম-মিজোৰাম সীমান্তৰ লাইলাপুৰত মিজো লোকে অবৈধভাৱে অধিগ্ৰহণ কৰি ৰখা অসমৰ ভূমি সন্দৰ্ভত অসম আৰক্ষীয়ে শান্তিপুৰ্ণভাৱে কথা পাতিবলৈ যোৱাৰ সময়তে যিদৰে মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলে অসম আৰক্ষীৰ দলৰ ওপৰত আক্ৰমণ সংঘটিত কৰিলে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে উল্লেখ কৰে।

    অসমৰ এক ইঞ্চি ভূমিও কেতিয়াও এৰি দিয়া নহ’ব বুলি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে মন্তব্য কৰি কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ ব্যৰ্থতাৰ বাবেই এই গুলিচালনাৰ ঘটনা সংঘটিত হবলৈ পালে বুলি কয়।

    সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি গৰাকীয়ে অতিশীঘ্ৰে সীমা সমস্যা সমাধান কৰাৰ বাবে দাবী জনোৱাৰ লগতে গুলি চালনাৰ ঘটনা সংঘটিত কৰা সকলৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কঠোৰ ব্যাৱস্থা ল’বলৈ আহ্বান জনায়।

    আৰু পঢ়ক : জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ হাত আৰু লাঠি ভাঙিলে অচিনাক্ত দুৰ্বৃত্তই

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং