আত্মজাহ নহয়, ১৯৫১ ভিত্তিবৰ্ষ হ’লে শ্বহীদ হ’ব লাখ-লাখ মৌলানাঃ মৌলানা আব্দুল্লা আহমেদ

মমিনুল আৱালক সংবাদমাধ্যমৰ জৰিয়তে ছালাম দি আৱালক বিজেপিৰ চছমাযোৰ খুলি অসমীয়াৰ চছমা পিন্ধিবলৈ আহ্বান জনায় কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল্লাহ আহমেদে

0
555
Photo: Time8

১৯৫১ চন ভিত্তিবৰ্ষক লৈ নিজৰ স্থিতিত অটল আছে সদৌ অসম কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা। ৰাজ্যসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমকে ধৰি দেশজুৰি ১৯৫১ চনক ভিত্তি কৰি পুনৰ NRCৰ কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই ।

১৯৫১ চন ভিত্তিবৰ্ষৰ বিৰোধিতাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিগত ২৪ নৱেম্বৰত প্ৰতিবাদ সাব্যস্ত কৰি অসমৰ ওপৰত জোৰ জবৰদস্তি কৰি ১৯৫১ ভিত্তিবৰ্ষ আৰু কেব গৃহীত কৰিলে লাখ-লাখ মৌলানা আত্মবলিদান দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই । ইয়াকে লৈ একাংশ সংবাদমাধ্যমত লাখ-লাখ মৌলানাই আত্মজাহ দিব বুলি প্ৰকাশিত বাতৰিৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছাত্ৰ সংগঠনটোৱে লখিমপুৰৰ লালুক প্ৰেছ ক্লাৱত এক সংবাদমেল যোগে স্থিতি স্পষ্ট কৰে।

কেব আৰু ১৯৫১ ভিত্তিবৰ্ষক লৈ নিজৰ স্থিতিত অটল কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা। সংবাদমেলত সন্থাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুহ আহমেদৰ মন্তব্য- ‘আত্মজাহ নহয়, ১৯৫১ ভিত্তিবৰ্ষ হ’লে শ্বহীদ হ’ব লাখ-লাখ মৌলানা। অসমীয়া জাতিৰ কাৰণে, জাতিৰ সভ্যতা-সংস্কৃতি ৰক্ষাৰ কাৰনে শ্বহীদ হ’ব এইসকল লাখ-লাখ মৌলানা। নাগৰিকত্ব সংশোধনী বিধেয়ক কোনোপধ্যে মানি নোলোৱাৰ প্ৰসংগ উল্লেখ কৰি এই বিধেয়ক বিৰোধী আন্দোলনক সমগ্ৰ বিশ্বজুৰি লৈ যোৱাৰ হুংকাৰ দিয়ে সংগঠনটোৱে।

ইফালে বিজেপি নেতা তথা সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালক উভতি ধৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই। অলপতে মুমিনুল আৱালে একাংশ সংবাদমাধ্যমত এই সকল প্ৰকৃত মৌলানা নহয় বুলি উল্লেখ কৰিছিল। ইয়াৰ প্ৰত্যুত্তৰ দি কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ মন্তব্য- ‘আমি মৌলানা হয়নে নহয় তাৰ প্ৰমাণপত্ৰ মমিনুল আৱালৰ পৰা লোৱাৰ প্ৰয়োজন নাই।’ মমিনুল আৱালক সংবাদমাধ্যমৰ জৰিয়তে ছালাম দি আৱালক বিজেপিৰ চছমাযোৰ খুলি অসমীয়াৰ চছমা পিন্ধিবলৈ আহ্বান জনায় কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মৌলানা আব্দুল্লা আহমেদে।