ভয়ংকৰ ঘটনা ! ৰে’লত যাত্ৰা কৰি থকা যুৱকৰ ডিঙিয়ে দি পাৰ হৈ গ’ল লোহাৰ ৰড

0
14877

ভয়ংকৰ ঘটনা ! ৰে’লত যাত্ৰা কৰি থকা যুৱকৰ ডিঙিয়ে দি পাৰ হৈ গ’ল লোহাৰ ৰড

ৰে’লত যাত্ৰা কৰি প্ৰাণ গ’ল এজন ৩৫ বছৰীয়া যুৱকৰ। ঘটনাটো আলিগড়ত সংঘটিত হৈছে। জানিব পৰা মতে যুৱক জনে নীলাঞ্চল এক্সপ্ৰেছত যাত্ৰা কৰি আছিলে। নীলাঞ্চল এক্সপ্ৰেছখন নিশা প্ৰায় ৯.৩০ বজাত আলিগড় ষ্টেচনৰ প্লেটফৰ্ম নম্বৰ-৩ত উপস্থিত হয়।

ৰে’ল খনৰ দ্বিতীয় ডবাখনৰ ১৫ নম্বৰ আসনত বহি আছিল যুৱক জন।তাতে যুৱকজনৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰিছে। ৰে’লখন বহি থকাৰ সময়তে এডাল লোহাৰ ৰডে তেওঁৰ ডিঙিত সোমাই ইপাৰ সিপাৰ কৰি দিছিল। যাৰ ফলত যুৱক জন থিতাতে নিহত হয়।

দৰাচলতে দুৰ্ঘটনাটোৰ সময়ত ৰে’লপথটোৰ মেৰামতিৰ কাম চলি আছিল। আৰু কোনোবাই অসাৱধানতাৰে তাত এডাল লোহাৰ ৰডটো তাত ৰাখিছিল। আৰক্ষীয়ে যুৱক জনৰ ডিঙিৰ বাওঁফালে এডাল ৰড দেখিছিল। ঘটনাক লৈ আৰক্ষীক খবৰ দিয়া হয়।

আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। জানিব পৰা মতে মৃত যুৱকজন চুলতানপুৰৰ বাসিন্দা । ঘটনাটোৰ ফলত বহু সময়ৰ বাবে সেই পথত ৰে’লৰ চলাচল বন্ধ কৰি দিয়া হৈছিল।