আলিয়া-ৰণবীৰৰ কন্যাৰ নাম ৰাখিলে ৰাহা, জানো আহক ইয়াৰ অৰ্থ….

0
17471

চলিত মাহৰ ৬ নৱেম্বৰত আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ হৈছিল পিতৃ-মাতৃ। আলিয়াই জন্ম দিছিল এটি কন্যা সন্তান। এই খবৰে কাপুৰ আৰু ভাট পৰিয়ালকে ধৰি অনুৰাগীসকল আনন্দত আত্মহাৰা হৈছিল।

কন্যাৰ জন্মৰ পিছৰে পৰা অনুৰাগীসকলে অপেক্ষা কৰি আছিল যে আলিয়া আৰু ৰণবীৰে কন্যাৰ নাম কি ৰাখিব?

এতিয়া এই অপেক্ষাৰ অন্ত পৰিছে। ৰণবীৰ-আলিয়াৰ কন্যাৰ নাম ৰখা হৈছে ৰাহা কাপুৰ।

জানিব পৰা মতে, ৰাহাৰ আইতাক তথা অভিনেত্ৰী নীতু কাপুৰে এই নামটো দিয়ে।

আলিয়া ভাটে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰি অনুৰাগীসকলক এই কথা জানিব দিয়ে।

তেওঁ শ্বেয়াৰ কৰিছে এখন অতি মৰমলগা ছবি, য’ত আলিয়া-ৰণবীৰৰ কন্যাক তেওঁলোকৰ হাতত ধৰি থকা দেখা গৈছে। লগতে আলিয়া-ৰণবীৰ কাপুৰৰ কন্যাৰ নাম লিখা এটা টি-চাৰ্ট দেৱালত আঁৰি থোৱা দেখা গৈছে।

এই পোষ্টটোৰ জৰিয়তে আলিয়া ভাটে জনাইছে যে তেওঁৰ কন্যাৰ নামটো ৰণবীৰ কাপুৰৰ মাতৃ নীতু সিঙে ৰাখিছে।

আলিয়াই লগতে প’ষ্টটোৰ জৰিয়তে কয়, ‘নামটোৰ বহুতো সুন্দৰ অৰ্থ আছে। ইয়াৰ অৰ্থ- ঐশ্বৰিক পথ। শ্বাহিলী ভাষাত ইয়াৰ অৰ্থ আনন্দ। আনহাতে, সংস্কৃতত ই গোত্ৰ। বাংলা ভাষাত এই নামৰ অৰ্থ হৈছে আৰাম, সহজতা আৰু সকাহ। আৰবী ভাষাত ইয়াৰ অৰ্থ শান্তি। ইয়াৰ লগতে সুখ, স্বাধীনতাও এই নামৰ অৰ্থ’।