‘ব্ৰহ্মাস্ত্ৰ’ৰ মুক্তিৰ পূৰ্বে ৰণবীৰ-আলিয়াৰ বিৰুদ্ধে প্ৰতিবাদ! মহাকাল মন্দিৰৰ প্ৰৱেশত বাধা

0
560

‘ব্ৰহ্মাস্ত্ৰ’ৰ মুক্তিৰ পূৰ্বে ৰণবীৰ-আলিয়াৰ বিৰুদ্ধে প্ৰতিবাদ! মহাকাল মন্দিৰৰ প্ৰৱেশত বাধা

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে মঙলবাৰে মধ্য প্ৰদেশৰ উজ্জয়িনীৰ বিখ্যাত মহাকাল মন্দিৰত বাবা মহাকালৰ দৰ্শনৰ বাবে তাত উপস্থিত হৈছিল।

কিন্তু তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল। মন্দিৰত প্ৰৱেশ কৰাৰ সময়ত তেওঁলোকে বিৰোধীতাৰ সন্মূখীন হ’ব লগা হ’ল।

বজৰং দল আৰু বিশ্ব হিন্দু পৰিষদৰ কাৰ্যকৰ্তাই তেওঁলোকক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব নিদিলে। কিয়নো অভিনেতা ৰণবীৰে এটা সাক্ষাৎকাৰত তেওঁ গোমাংস খোৱাৰ কথা উল্লেখ কৰিছিলে।

ৰণবীৰ আৰু আলিয়াক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰাক লৈ আৰক্ষীয়ে মন্দিৰত বিৰোধ কৰা লোকৰ ওপৰত লাঠিচালনাও কৰে।

বজৰং দলে তেওঁলোকক মন্দিৰত প্ৰৱেশ কৰাত বাধা দিয়াৰ লগতে তেওঁলোকৰ আহিব লগীয়া ছবি ‘ব্ৰহ্মাস্ত্ৰ’ক বয়কট কৰাৰ কথাও উল্লেখ কৰে।

ইয়াৰ পিছতে বাৰাণসীৰ সৰ্বভাৰতীয় সাধু সমিতিয়ে মধ্য প্ৰদেশ চৰকাৰক সতৰ্ক কৰি দিছে যে মন্দিৰটো পৰ্যটনস্থলী নহয়।ভিআইপিৰ নামত এনে লোকক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিব দিব নালাগে।