আলিয়াৰ পৰা মহেশ বাবুলৈকে সকলোৱে দিলে নতুন বছৰৰ শুভকামনা ! ক’লে ‘এই বছৰটোয়ে সকলোলৈ আনক সুখ আৰু শান্তি ‘

0
46

আলিয়াৰ পৰা মহেশ বাবুলৈকে সকলোৱে দিলে নতুন বছৰৰ শুভকামনা ! ক’লে ‘এই বছৰটোয়ে সকলোলৈ আনক সুখ আৰু শান্তি ‘

২০২৩ চনৰ প্ৰথম পুৱাৰ লগতে সকলোৱে এটা নতুন বছৰক স্বাগতম জনাইছে।নতুন সফলতা আৰু নতুন সুখৰ আশাৰে সকলো লোকেই নতুন বছৰটোৰ আৰম্ভ কৰিছে। চলচ্চিত্ৰ তাৰকাসকলে তেওঁলোকৰ অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনোৱা আৰম্ভ কৰিছে।

বলীউডৰ পৰা দক্ষিণলৈকে, সকলো চেলিব্ৰেটিয়ে তেওঁলোকৰ প্ৰিয়জন আৰু অনুৰাগী সকলৰ বাবে শুভ বছৰৰ শুভেচ্ছা জনাইছে।যোৱাটো বছৰত ব্ৰহ্মাস্ত্ৰ’ৰ দ্বাৰা হিন্দী ছবিৰ অনুৰাগীসকলক সুখী কৰি ৰখা আলিয়া ভাটেও সমাজিক মাধ্যমত ফটো পোষ্ট কৰি নতুন বছৰৰ শুভেচ্ছা জনাইছে।

কৃতি চানন,প্ৰবীণ অভিনেতা ধৰ্মেন্দ্ৰ, ৰণবীৰ সিং, অৰ্জুন কাপুৰ, ছানী লিয়নিয়ে অনুৰাগীসকলক নতুন বছৰৰ শুভেচ্ছা জনাইছে। দক্ষিণৰ তাৰকা মহেশ বাবু আৰু ৰবি তেজাইও ৰাইজক নতুন বছৰৰ শুভেচ্ছা জনাই পোষ্ট কৰিছিল।

আলিয়াই ইনষ্টাগ্ৰামত ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁৰ জীৱনৰ আটাইতকৈ প্ৰিয় লোকসকলৰ সৈতে আছে।এই ছবিখনত পৰিচালক লাভ ৰঞ্জন, ডিজাইনাৰ মনীষ মালহোত্ৰা আৰু আলিয়াৰ ভগ্নী শ্বাহিন ভট্টকো দেখা গৈছে।

ফটোখন শ্বেয়াৰ কৰোঁতে, আলিয়াই শিৰোনামটোত লিখিছিল, ‘হেপ্পী নিউ নিউ… মোৰ আটাইতকৈ মৰমৰ লোকসকলৰ সৈতে।”বলীউডৰ যুৱ তাৰকা বৰুণ ধাৱান আৰু অৰ্জুন কাপুৰেও ছচিয়েল মিডিয়াত নৱবৰ্ষৰ পোষ্ট শ্বেয়াৰ কৰিছিল।

দক্ষিণৰ অন্যতম তাৰকা ৰবি তেজাই তেওঁৰ ছবি ‘ধামাকা’ক মৰম দিয়াৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনাইছে।তেওঁ লিখিছে,”এইবছৰটো এটা কঠিন বছৰ আছিল কিন্তু আপোনালোক সকলোৰে অপৰিসীম মৰমে মোক আগুৱাই লৈ গৈছে।

” তেলেগু চুপাৰষ্টাৰ মহেশ বাবুয়ে অনুৰাগীসকলক ” নতুন বছৰৰ অন্তহীন মৰম আৰু সুখ” কামনা কৰিছে।

   প্ৰায়বোৰ তাৰকাই বিদেশত গৈ নতুন বছৰক আদৰা দেখিবলৈ পোৱা গৈছে।