16 C
Guwahati
Friday, December 3, 2021
More

    আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কীয় আইনষ্টাইনৰ হস্তলিপি সংলগ্ন পত্ৰ ৯৬.৭ কোটি টকাত নিলাম

    আপেক্ষিকতাবাদৰ সূত্ৰ সম্পৰ্কীয় আইনষ্টাইনৰ হস্তলিপি সংলগ্ন পত্ৰ ৯৬.৭ কোটি টকাত নিলাম

    মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ এক ঐতিহাসিক হস্তলিপি পেৰিছৰ এক নিলাম অনুষ্ঠানত ৯৬.৭ কোটি টকা অভিলেখ মুল্যত নিলাম হয়।

    নিলামত অভিলেখ মূল্যত বিক্ৰী হোৱা আইনষ্টাইনৰ হস্তলিপিত বিজ্ঞানী গৰাকীয়ে আপেক্ষিকতাবাদ সূত্ৰ উদ্ভাৱনৰ সময়ত লিখা কিছু সূত্ৰ আদি সন্নিবিষ্ট হৈ আছিল।

    ৫৪ পৃষ্ঠাজোৰা এই সম্পদৰাজি সম্পুৰ্ণ হাতে লিখা আছিল। আইনষ্টাইন আৰু তেওঁৰ সহযোগী মিচেল বেচ্চোই ১৯১৩-১৯১৪ চনৰ ভিতৰত আপেক্ষিকতাবাদৰ সূত্ৰৰ ওপৰত কাম কৰি থকাৰ সময়তে গৱেষণাৰ বাবে এইবোৰ লিখিছিল।

    পৰৱৰ্তী সময়ত আইনষ্টাইনৰ সহযোগী মিচেল বেচ্ছোৱে আইনষ্টাইনৰ হস্তলিপি থকা এই কাগজ সমূহ সংৰক্ষণ কৰি ৰাখিছিল।

    সাধাৰণ আপেক্ষিকতাবাদৰ বিষয়ে কৰা গৱেষণাৰ ফচল হিচাপে মাত্ৰ কেইপদমানহে হস্তলিপি বৰ্তমান সঠিক ৰূপত আছে ইয়াৰ ভিতৰত নিলাম হোৱা আইনষ্টাইনৰ উক্ত হস্তলিপিও প্ৰধান।

    আৰু পঢ়ক : মুকেশ আম্বানীক চেৰ পেলাই এছিয়াৰ ধনাঢ্য ব্যক্তি হ’ল গৌতম আদানী

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং