পথ দুৰ্ঘটনাত কথমপি ৰক্ষা পৰিল অখিলেখ যাদৱ, কনভয়ৰ ৬ খন বাহনৰ মাজত সংঘৰ্ষ

0
46

শুকুৰবাৰে উত্তৰ প্ৰদেশৰ হৰদয় জিলাত এখন বিবাহ অনুষ্ঠানত অংশ ল’বলৈ যোৱা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱৰ কনভয় এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হয়।

ইখনৰ পিছত সিখনকৈ মুঠ ছখন বাহনৰ সংঘৰ্ষৰ ফলত ৬ জন লোক আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আটাইকেইজন আহতক চিকিৎসালয়লৈ লৈ যায়।

জানিব পৰা মতে, অখিলেশ যাদৱৰ গাড়ীখন সবাটোকৈ আগত আছিল বাবে তেওঁৰ গাড়ীত একো নহ’ল। তেওঁ একেবাৰে নিৰাপদ।

প্ৰাপ্ত খবৰ অনুসৰি, অখিলেশ যাদৱে মল্লৱা থানা এলেকাৰ বৈঠাপুৰ গাঁৱলৈ এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ গৈ আছিল। তেওঁৰ লগত প্ৰায় ১০ৰ পৰা ১২খন গাড়ী আছিল।

জানিব পৰা মতে কনভয়ত চলি থকা এখন বাহনে হঠাতে ব্ৰেক কৰাত পিছফালৰ পৰা আহি থকা বাহন কেইখনে এখনৰ পিছত আনখনত খুন্দা মাৰে।

দুৰ্ঘটনাটোত গাড়ীখনৰ সন্মুখত বহি থকা লোকসকল আহত হয়। আহত লোকসকলক এম্বুলেঞ্চৰ জৰিয়তে জৰিয়তে হাস্পতালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে সম্প্ৰতি এই দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে।