28 C
Guwahati
Wednesday, October 20, 2021
More

    ”বিজেপিত একাংশ লোক আলফা-আছুৰ পৰা অহাৰ বাবে চান্দা লোৱাৰ স্বভাৱ” বিধানসভাত অখিলৰ বিস্ফোৰক মন্তব্য

    ”বিজেপিত একাংশ আলফা আৰু আছুৰ পৰা অহাৰ বাবে চান্দা লোৱাৰ স্বভাৱ” বিধানসভাত অখিলৰ বিস্ফোৰক মন্তব্য

    আজি বিধানসভাত বহু বিস্ফোৰক মন্তব্য প্ৰদান কৰে বিধায়ক অখিল গগৈয়ে। তেওঁ ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া কৰৰ সন্ত্ৰাস চলিছে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ডকাইতি চলাইছে বুলি উল্লেখ কৰে।

    তেওঁ কয়, ‘বিভিন্ন অজুহাত দি সাধাৰণ লোকৰ পৰা কৰ ল’বলৈ চেষ্টা কৰিছে। ই টোল টেক্সতকৈ এটা ভয়ংকৰ গুণ্ডা কৰ। বিজেপি চৰকাৰখনত একাংশ লোক আলফা আৰু আছুৰ পৰা অহাৰ বাবে আঁতৰা নাই চান্দা তোলাৰ স্বভাৱ। যাৰ ফলত প্ৰতিটো ক্ষেত্ৰতে চান্দা তোলাৰ চেষ্টা কৰি আছে”।

    ইফালে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে গগৈৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

    তেওঁ কয়, ‘মই আমিনুল ইছলামৰ বিতৰ্কিত বিষয়টোৰ পৰা মোৰ খং উঠাৰ বাবে মই আঁতৰি আছিলো। কিন্তু আমিনুল ইছলামে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ এৰা নাই। মই আকৌ এক আদালতৰ গোচৰৰ লগত জড়িত হ’ব বিচৰা নাছিলো। কিন্তু আমিনুল ইছলামে মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ বাবে চেষ্টা কৰিয়ে আছে। কালি ৰাইজৰ দলৰ কেইবাখনো কমিটীৰ বৈঠক আৰু অধিবক্তাৰ সিদ্ধান্ত মৰ্মে আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব’।

    ইফালে অনুসূচীত জাতিক অপমান কৰা বুলি উত্থাপিত অভিযোগ প্ৰসংগত তেওঁ কয়, ‘মই কোনো দিন কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে কথা কোৱা নাই। কিন্তু অনুসূচীত জাতিৰ একাংশ লোকে মই তেওঁলোকক অপমান কৰিছো বুলি অভিযোগ আনি প্ৰতিবাদ কৰিছে। মই শিৱসাগৰ জিলাৰ অনুসূচীত জাতিৰ লোকসকলৰ উন্নয়নৰ বাবে কেইবাটাও কাম কৰাৰ চেষ্টা কৰি আছো’।

    ‘কিন্তু পৰশমনি দাস নামৰ যি জন যুৱকে মোৰ বিৰুদ্ধে অভিযোগ তুলিছে তেওঁ নিজেই মোৰ নিৰ্বাচনৰ সময়ত মোৰ লগত আছিল। কেৱল মাত্ৰ এটা ভুল বুজা বুজি হৈছে। ১৭ তাৰিখৰ পিছত অনুসূচীত জাতিৰ নেতৃত্বৰ লগত আলোচনাত বহিম। মই বিনম্ৰভাৱে হাত জোৰ কৰি কৈছো মই কোনো জাতি-জনগোষ্ঠীৰ বিৰুদ্ধে কথা নকও’, অখিল গগৈয়ে কয়।

    আৰু পঢ়ক : পুনৰ বহি: ৰাজ্যত কাম কৰিবলৈ গৈ সন্ধানহীন হৈছে অসমৰ এজন যুৱক; চিন্তিত পৰিয়াল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং