32 C
Guwahati
Sunday, September 19, 2021
More

    খেতিত নামিয়েই সৰৱ কৃষক নেতা, ক’লে হিমন্তই খেতি কৰি পোৱা নাই বাবে গৰুৰ মূল্য নুবুজে আৰু…

    খেতিত নামিয়েই সৰৱ কৃষক নেতা, ক’লে হিমন্তই খেতি কৰি পোৱা নাই বাবে গৰুৰ মূল্য নুবুজে আৰু…

    এইবাৰ বিশেষ ৰূপত দেখা গ’ল কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। বিধায়ক গৰাকীয়ে শিৱসাগৰ সমষ্টিৰ নিমাইজানত ন ভূইত অংশগ্ৰহণ কৰে। খেতি কৰিবলৈ আহিয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ উঠে।

    গগৈয়ে কয় যে ”বিজেপিয়ে খেতি নকৰে, হিমন্তই খেতি কৰি পোৱা নাই বাবে গৰুৰ মূল্য নুবুজে। তেওঁ আৰ এছ এছ আৰু বিজেপিক ভাল লগাবৰ বাবে হিন্দুত্ববাদী আঁচনি লৈ গৰু বন্ধ কৰিব বিচাৰে”।

    ”মানুহৰ গৰ্ভত সন্তান পৰীক্ষা কৰিব নোৱাৰি কিন্তু গৰুৰ গৰ্ভত পৰীক্ষা কৰি মতা গৰু মাৰি পেলাব। এইটো হ’ব নোৱাৰে। কেতিয়াও নহয়। গৰু বিক্ৰী কৰি আমাৰ সন্তানে পৰীক্ষা দিয়ে, হিমন্তই দিব নেকি টকা। গো সুৰক্ষা বিধায়ক আনি আমাৰ খেতিয়কক বৰবাদ কৰিব আহিছে”।

    ইয়াৰোপৰি গগৈয়ে তিনিটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি কয় যে মানুহে কেতিয়াও খেতি এৰিব নালাগে । তাৰ পিছতেই জলসিঞ্চনৰ ব্যৱস্থা আৰু ধানৰ প্ৰকৃত দাম যাতে খেতিয়কে পাব পাৰে তাৰ বাবে দাবী জনাই। তদুপৰি সাৰৰ দাম নিয়ন্ত্ৰণ ৰখাৰ বাবেও আহ্বান গগৈৰ।

    আৰু পঢ়ক : মেট্ৰিক, হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ তাৰিখ প্ৰকাশ ছেবাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং