সুস্থ হৈ উঠা নাই অখিল গগৈ, উন্নত চিকিৎসাৰ বাবে বাংগালুৰলৈ প্ৰেৰণ

0
111

সুস্থ হৈ উঠা নাই অখিল গগৈ, উন্নত চিকিৎসাৰ বাবে বাংগালুৰলৈ প্ৰেৰণ

হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ আছিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ৷ এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে অখিল গগৈক, যাৰবাবে বাংগালুৰলৈ নিয়া হ’ব বিধায়ক গৰাকীক ।

উল্লেখযোগ্য যে, ২৮ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে ভৰ্তি হৈ আছিল বিধায়ক গৰাকী। চাৰিদিনে GMCHৰ বিছনাত চিকিৎসাধীন হৈ আছিল বিধায়ক অখিল গগৈ।

বুকুৰ বিষৰ চিকিৎসাধীন হৈ থকা অখিল গগৈক বৰ্তমান উন্নত চিকিৎসাৰ বাবে বাংগালুৰলৈ প্ৰেৰণ কৰা হৈছে।

চিকিৎসা মহাবিদ্যালয়ৰ কাৰ্ডিঅ’লজি বিভাগত ভৰ্তি হৈ আছিল গগৈ। স্বাস্থ্য সম্পূৰ্ণ সুস্থ কৰি তুলিবৰ কাৰণে বাংগালুৰৰ নাৰায়ণা হেল্থ হাস্পতালত চিকিৎসা চলিব অখিল গগৈৰ।