ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন অখিল গগৈৰ প্ৰসংগ

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪৩ তম অধিৱেশনত উত্থাপিত হৈছে এই প্ৰসংগ

0
54

অসমৰ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰসংগ গৈ পালে ছুইজাৰলেণ্ডৰ জেনেভাত অনুস্থিত হৈ থকা ৰাষ্ট্ৰসংঘৰ মজিয়াত। ৰাষ্ট্ৰসংঘৰ মজিয়াত CAA বিৰোধী প্ৰতিবাদৰ প্ৰসংগ। লগতে ৰাষ্ট্ৰসংঘৰ মজিয়াত উত্থাপন হ’ল অখিল গগৈৰ প্ৰসংগ।

কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ প্ৰসংগ উত্থাপনৰ লগতে মুক্তিৰ দাবী ৰাষ্ট্ৰসংঘৰ মজিয়াত। CAA বিৰোধী আন্দোলনত মৃত্যু হোৱা প্ৰসংগতো প্ৰতিবাদ সাব্যস্ত কৰে বক্তাই।

উল্লেখ্য যে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদৰ ৪৩ তম নিয়মীয়া অধিৱেশনত উত্থাপিত হৈছে এই প্ৰসংগ। ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু মাৰ্চৰ ২০ তাৰিখলৈ চলিব এই অধিৱেশন।

Photo Credit: ohchr.org