অতি শীঘ্ৰে সেনাই AK 47 ৰ পৰিৱৰ্তে লাভ কৰিব AK 203

0
431

সেনাই AK 47 ৰ পৰিৰ্বতে  লাভ কৰিব AK 203

ৰাছিয়া আৰু ইউক্ৰেইনৰ সংকট কালিন অৱস্থাৰ সময়তে ভাৰতীয় সেনাৰ বাবে আহিছে আন এক বিশেষ খবৰ। হয়, ৰাছিয়াৰ পৰা ভাৰতে অত্যাধুনিক ৭০ হাজাৰ AK 203 ৰাইফল ক্ৰয় কৰাৰ বাবে চুক্তি কৰিছিল। আৰু তাৰ পৰ্যায়ক্ৰমে এতিয়া দুয়োখন দেশে যৌথভাৱে ভাৰতত ইয়াক প্ৰস্তুত কৰিবলৈ ওলাইছে।

উল্লেখযোগ্য যে সংবাদ মাধ্যমৰ খবৰ অনুসৰি, চলিত বৰ্ষৰ শেষৰ ফালে ভাৰত-ৰাছিয়াৰ যৌথ উদ্যোগত উত্তৰ প্ৰদেশতে স্থাপনৰ কাম আৰম্ভ কৰা হব, য’ত নিৰ্মাণ কৰা হ’ব AK 203 এছাল্ট ৰাইফলৰ।

এই এছাল্ট ৰাইফলসমূহ নিৰ্মাণ কৰা হ’ব আমেঠিৰ ইণ্ডো-ৰাছিয়া ৰাইফলছ প্ৰাইভেট লিমিটেডৰ কোৰৱা অৰ্ডনেন্স ফেক্টৰীত।

জানিব পোৱা অনুসৰি AK 47 তকৈ AK 203 এছাল্ট ৰাইফল অধিক উন্নত অৰ্থাৎ অত্যাধুনিক, শক্তিশালী আৰু মাৰাত্মক বুলি গণ্য কৰা হয়।

AK 203 য়ে যিকোনো সংকটৰ সময়ত সেনাক সহায় কৰিব পাৰিব।