24 C
Guwahati
Tuesday, May 18, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ধৰ্মপুৰত অৱসান ঘটিব ৩৫ বছৰীয়া একঘেমীয়া ৰাজনীতিৰ : ড০ শিখৰ শৰ্মা

    ধৰ্মপুৰত অৱসান ঘটিব ৩৫ বছৰীয়া একঘেমীয়া ৰাজনীতিৰ : ড০ শিখৰ শৰ্মা

    মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ভেটিত কঁপনি তুলি কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰে অসম জাতীয় পৰিষদৰ ধৰ্মপুৰ সমষ্টিৰ প্ৰাৰ্থী ড০ শিখৰ শৰ্মাই।

    অজাপৰ উপ-সভাপতি তথা ধৰ্মপুৰৰ প্ৰাৰ্থী ড০ শিখৰ শৰ্মাই আজি বিয়লিৰ ভাগত নলবাৰী নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে।

    মনোনয়ন দাখিলৰ বাবে এক বৃহৎ সংখ্যক বাইক ৰেলীৰে ধৰ্মপুৰ সমষ্টিৰ বিভিন্ন স্থান পৰিভ্ৰমন কৰি পল্লা পথেৰে নলবাৰী চহৰত উপস্থিত হয় শিখৰ শৰ্মা।

    আপোচবিহীন আদৰ্শগত জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ৩৫ বছৰীয়া একঘেমীয়া ৰাজনীতিৰ অৱসান ঘটাবলৈ এই মহাৰণত অংশ লবলৈ তেওঁ ওলাই অহাৰ কথা ব্যক্ত কৰে।

    দলীয় সমৰ্থক সকলৰ হৰ্ষোল্লাসৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ মুহুৰ্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ড০ শিখৰ শৰ্মাই কয়, ‘৩৫ বছৰ ধৰি ধৰ্মপুৰত চলি অহা একঘেমীয়া ৰাজনীতিৰ অৱসান ঘটাবলৈ বিছৰা হৈছে’।

    সমাগত বিধানসভাৰ নিৰ্বাচনত ধৰ্মপুৰত ৮০ হাজাৰৰ পৰা ৮৫ হাজাৰ ভোট লাভ কৰি বিধায়ক হিচাপে নিৰ্বাচিত হ’ব বুলিও মন্তব্য কৰে ড০ শৰ্মাই।

    আৰু পঢ়ক : টকাৰ উজান! SST, FST আৰু আৰক্ষীৰ অভিযানত চাৰি লক্ষাধিক টকা জব্দ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং