27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    GMCH-ত অখিলৰে বৈঠক লুৰীণৰ, ‘দুই-এদিনতে ৰাজহুৱা কৰা হ’ব প্ৰাৰ্থীৰ তালিকা’

    GMCH-ত অখিলৰে বৈঠক লুৰীণৰ, ‘দুই-এদিনতে ৰাজহুৱা কৰা হ’ব প্ৰাৰ্থীৰ তালিকা’

    প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনলৈ মাজত মাত্ৰ পাঁচদিন বাকী থকাৰ প্ৰতি লক্ষ্য ৰাখি আজি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

    গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কেবিনত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে বৈঠকত মিলিত হয় দয়ো দলৰ শীৰ্ষ নেতা।

    এই আলোচনা মূলতঃ আসন ভাগ বাটোৱাৰাক লৈয়ে অনুষ্ঠিত হৈছিল।

    প্ৰায় ডেৰ ঘণ্টা সময়জোৰা ৰুদ্ধদ্বাৰ বৈঠকৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে আলোচনা সঠিক দিশত আগবঢ়া বুলি মন্তব্য কৰে।

    তেওঁ কয়, ‘অহা দুই-এদিনতে ৰাজহুৱা কৰা হ’ব প্ৰাৰ্থীৰ তালিকা। দুয়োটা দলৰ যৌথ সংবাদমেলৰ জৰিয়তে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব’।

    তদুপৰি লুৰীণ জ্যোতি গগৈয়ে ৰাষ্ট্ৰীয়তাবাদী তথা সাম্প্ৰদায়িক কোনো শক্তিৰে বুজাবুজি নকৰে বুলি পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে।

    আনহাতে অগপ নেতৃত্বই দিল্লীৰ ওচৰত প্ৰাৰ্থিত্ব বিচাৰি ভীক্ষা কৰা প্ৰসংগত গগৈয়ে কয়, ‘স্বাভিমানী আৰু নিৰ্ভেজাল জাতীয়তাবাদী সত্তাই দিল্লীৰ ওচৰত কেতিয়াও মূৰ নোদোৱায়’।

    বৈঠকত উপস্থিত থকা ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয়, ‘কংগ্ৰেছৰ অহংকাৰৰ বাবে অসমত অসমবাসীয়ে বিচাৰি থকা কা বিৰোধী চৰকাৰ গঠন নহ’বও পাৰে। যিদৰে বিহাৰৰ বিজেপি বিৰোধী শক্তি কংগ্ৰেছৰ ভুল নীতিৰ বাবে পৰাস্ত হ’ব লগা হৈছিল’।

    আৰু পঢ়ক : কেইবাগৰাকীও চাহ জনজাতীয় আৰু কংগ্ৰেছ নেতাৰ অসম জাতীয় পৰিষদত যোগদান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং