29 C
Guwahati
Thursday, June 24, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    লুৰিণজ্যোতি গগৈক আক্ৰমণ চলোৱাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি এজেপিৰ বিক্ষোভ

    লুৰিণজ্যোতি গগৈক আক্ৰমণ চলোৱাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি এজেপিৰ বিক্ষোভ :-

    অসম জাতীয় পৰিষদৰ সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈ আৰু দলৰ জ্যেষ্ঠ নেতা শ্ৰী পুলকেশ বৰুৱাৰ ওপৰত বৰক্ষেত্ৰীৰ বিজেপিৰ কৰ্মকৰ্তাই আক্ৰমণ চলোৱাৰ প্ৰতিবাদত তথা আটাইকেইজন আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ২ মাৰ্চ মঙলবাৰে অসম জাতীয় পৰিষদ, জাতীয় মহিলা পৰিষদ, জাতীয় যুৱ শক্তি, জাতীয় শ্ৰমিক শক্তি, জাতীয় সংখ্যালঘু শক্তি, জাতীয় বংগভাষী অসমীয়া শক্তি, জাতীয় চাহ শক্তি আদি সকলো ভাতৃ-ভগ্নী সংগঠনে ৰাজ্যৰ সকলো জিলা আৰু মহকুমা সদৰত বিক্ষোভ কাৰ্যসূচী পালন কৰিব৷

    পুৱা ১০ বজাৰ পৰা দিনৰ ১ বজালৈ সমগ্ৰ ৰাজ্যত একে সময়তে এই কাৰ্যসূচী চলিব৷ সকলো ঠাইতে উল্লিখিত দাবী সম্বলিত স্মাৰকপত্ৰ মুখ্য নিৰ্বাচনী বিষয়া, অসম (Chief Electoral Officer, Assam)ক সম্বোধন (Address) কৰি সংশ্লিষ্ট জিলা উপায়ুক্ত/মহকুমাধিপতি/চক্ৰ বিষয়াৰ হাতত প্ৰদান কৰা হ’ব৷

    গুৱাহাটীত আমাৰ দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত দীঘলীপুখুৰীৰ পাৰত উক্ত কাৰ্যসূচী ৰূপায়ন কৰা হ’ব৷

    আৰু পঢ়ক : পুৰুষ অথবা মহিলা, কোনোৱে বিয়াৰ বাবে মিছা প্ৰতিশ্ৰুতি দিব নালাগে: উচ্চতম ন্যায়ালয়

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ’ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ

    অনুৰাগীৰ বাবে বেয়া খবৰ, বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পূৰ্বে মৃত্যু হ'ল এইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰৰ।